Advertisment

বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সঁজাতি দলৰ কোকৰাঝাৰ ভ্ৰমণ

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত ১৩ গৰাকী বিধায়ক সহিতে অসম বিধানসভাৰ এটি সঁজাতি দলে আজি কোকৰাঝাৰ পৰিভ্ৰমণ কৰে। সৰ্বমুঠ ২৫ জনীয়া বিধানসভাৰ সঁজাতি দলটোৱে আজি ৰাতিপুৱা প্ৰায় ৯:৩০ মান বজাত বিটিচি সচিবালয়ত উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সঁজাতি দলৰ কোকৰাঝাৰ ভ্ৰমণ

বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সঁজাতি দলৰ কোকৰাঝাৰ ভ্ৰমণ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত ১৩ গৰাকী বিধায়ক সহিতে অসম বিধানসভাৰ এটি সঁজাতি দলে আজি কোকৰাঝাৰ পৰিভ্ৰমণ কৰে। সৰ্বমুঠ ২৫ জনীয়া বিধানসভাৰ সঁজাতি দলটোৱে আজি ৰাতিপুৱা প্ৰায় ৯:৩০ মান বজাত বিটিচি সচিবালয়ত উপস্থিত হয়।

Advertisment

সঁজাতি দলটোক বিটিচি প্ৰশাসনৰ পৰা উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত ১৩ গৰাকী বিধায়কে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিটিচি পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়ো, উপাধ্যক্ষ, কাৰ্যবাহী সদস্য, সদস্য আদিৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।

উক্ত বৈঠকতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিটিৰ উন্নয়ন আৰু পৰিকল্পনাক লৈ এক সুন্দৰ প্ৰজেক্ট প্ৰেজেণ্টেচন দিয়ে। বৈঠক সমাপ্তিৰ পিছত সঁজাতি দলটোৱে বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা পৰিদৰ্শন কৰে আৰু অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ প্ৰস্তুতি আৰু আন্ত:গাঁথনিৰ বিষয়ে বুজ লয়।

ইয়াৰ পিছতেই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা আৰু বিটিচি সচিবালয়ৰ প্ৰাংগনত এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অহা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাৰেই প্ৰস্তুতিৰ বিষয়ে সঁজাতি দলটোৱে বুজ লয়।

অসম বিধানসভাৰ অধিবেশন কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বিষয়টো ঐতিহাসিক বুলি মন্তব্য কৰি অসম বিধানসভাৰ অধিবেশনৰ বাবে বিটিচিৰ আন্ত:গাঁথনি পৰ্যাপ্ত পৰিমানে আছে যদিও কাৰিকৰী দিশত কিছু সহায় কৰিব লগীয়া আছে। কাৰিকৰী দিশটো অসম বিধানসভাৰ কাৰিকৰী টীমে ঠিক কৰিব বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে দিছপুৰ এদিনৰ বাবে উঠি আহিব আৰু কোকৰাঝাৰৰ পৰাই এদিনৰ বাবে অসম চলিব ।

গতিকে কোনোধৰণৰ যাতে অসুবিধা নহয় তাৰবাবে পৰ্যবেক্ষন কৰি দিহা-পৰামৰ্শ দিয়া হ'ল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। তদুপৰি বিটিচি সচিবালয়ৰ পৰিদৰ্শন কৰি সঁজাতি দলটো উপকৃত হৈছে বুলিও মন্তব্য কৰিছে অধ্যক্ষ দৈমাৰীয়ে ।

উক্ত সংবাদমেলতে প্ৰমোদ বড়োৱে বিধানসভাৰ দলটোক আদৰণি জনাই কয় যে, অসম বিধানসভাৰ অধিবেশন এদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বিষয়টো ঐতিহাসিক আৰু উক্ত অধিবেশনৰ যোগেদি আমি বহু কথা শিকিব পাৰিম বুলি মন্তব্য কৰিছে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাক ধন্যবাদ জ্ঞাপন কৰি প্ৰমোদ বড়োৱে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বতে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন হৈছে আৰু এতিয়া সকলো জাতি-জনগোষ্ঠীৰ অসন্তুষ্টি দূৰ হৈছে।

উল্লেখ্য যে, সংবাদমেলৰ পিছতেই বিধানসভাৰ সঁজাতি দলটোৱে সদলবলে বিছমুৰীৰ পৰা সৰলপাৰা হৈ ভূটানলৈ যোৱা পথ আৰু চামথাইবাৰীৰ পৰা ভূটানলৈ যোৱা পথ দুটা পৰিদৰ্শন কৰে। ভাৰত-ভূটান সীমান্তবৰ্তী এলেকা দীঘলীত উপস্থিত হৈ ভূটান সংযোগী পথটো পৰিদৰ্শন কৰে সঁজাতি দলটোৱে।

পৰিদৰ্শনৰ অন্তত বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বুধবাৰৰ পৰা বিধানসভাৰ সঁজাতি দলটোৱে ৰাষ্ট্ৰীয়, ৰাজ্যিক আঁচনি আৰু আন্ত:ৰাষ্ট্ৰীয় সংযোগী আঁচনিসমূহ পৰ্যবেক্ষণ কৰি আছে। তেওঁ কয় যে, ৰাইজৰ অভিযোগ আছে, তেওঁলোকে বহু বছৰ কষ্টৰে চলি আছে আৰু সেয়েহে "স্পট ভিজিট" কৰা হৈছে।

সৰলপাৰা হৈ ভূটানলৈ যোৱা ৰাস্তাটো সোনকালে ভাল হ'ব লাগে যাতে দুয়োখন দেশৰ নাগৰিকে কোনোধৰণৰ কষ্ট নাপায় বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, ৰাস্তাটোৰ বাবে ইতিমধ্যে নিবিদা সম্পন্ন হৈছে। ইয়াৰ পিছতেই দলটোৱে চামথাইবাৰীৰ পৰা ভূটানৰ গেলেংফু লৈ যোৱা পথটো পৰিদৰ্শন কৰে ।

সঁজাতি দলটোৱে শান্তিপুৰ পৰ্যন্ত পৰিভ্ৰমন কৰে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকীকৰণৰ বিষয়া বৰ্গৰ সতেও কথা পাতে সঁজাতি দলটোৱে। বিশ্বজিৎ দৈমাৰীয়ে চামথাইবাৰীৰ পৰা ভূটানৰ গেলেংফু লৈ যোৱা পথটোও সোনকালে ভাল হোৱাৰ কামনা কৰি অসম মালাৰ অধীনত নিৰ্মাণ হৈ থকা চাপাগুৰীৰ পৰা কয়লাময়লা যোৱা ৰাস্তাটোৰ লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰে।

উল্লেখ্য যে, বিধানসভাৰ সঁজাতি দলটোৱে বুধবাৰে গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও জিলাৰ কেইবাটাও উন্নয়নমুলক প্ৰকল্প পৰিদৰ্শন কৰাৰ পিছত আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংযোগী পথসমুহ পৰিভ্ৰমণ কৰি অৱস্থাৰ বুজ লয়। সঁজাতি দলটোত বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, দুৰ্গাদাস বড়ো, প্ৰদীপ সৰকাৰ, শিৱামনি বৰা, দিগন্ত ঘাটোৱাৰ, নিহাৰ ৰঞ্জন দাস, শিবু মিশ্ৰ, বসন্ত দাস, ৰামকৃষ্ণ ঘোষ আৰু নিৰ্মল কুমাৰ ব্ৰহ্ম উপস্থিত আছিল ।

কোকৰাঝাৰ বিশ্বজিৎ দৈমাৰী অসম বিধানসভা