/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3407099f-ac67-4993-b832-a84b41dacdd5/3.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত শনিবাৰে তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত আশা অভিৱৰ্তন অনুষ্ঠিত হৈ যায় ৷ অভিৱৰ্তন উপলক্ষে ৰাতিপুৱা আশা অভিৱৰ্তনৰ শুভ উদ্বোধন কৰে বিটিআৰৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভাই। পাছত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি বিষয়া কিশোৰ শৰ্মাৰ পৰিচালনাত অভিৱৰ্তনখন আৰম্ভ হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3df577d5-635e-4a5b-bd90-b570054e7a36/02d6752e_beb9_4239_94b2_d5f3f79bea65.jpg)
অভিৱৰ্তনত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে তামুলপুৰ জিলা আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতীয়ে৷ তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° ভানু কছাৰী ,কুমাৰীকাটা ৰাজ্যিিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা° অৰিন্দম কলিতা, তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা° গৌতম মেধি , জিলা বাক্সা ডি এম চি পূৰৱী কলিতা সহ তামুলপুৰৰ আশা কৰ্মীসকল আৰু আশা চুপাৰভাইজাৰসকল উপস্থিত আছিল ৷
আজিৰ অভিৱৰ্তনতে পাৰদৰ্শিতাৰ ভিত্তিত তিনি গৰাকী আশাকৰ্মী ক্ৰমে বৃন্দা দাস পানিকা ,ৰুকীয়া খাতুন আৰু উষাৰাণী সিংহক পুৰস্কৃৃত কৰা হয় ৷ আনহাতে আশাসকলে বাটৰ নাট গীত মাত পৰিৱেশন কৰে ।
Also Read: বৰপেটা, শোণিতপুৰ, গুৱাহাটীতো প্ৰাৰ্থী দিব বি পি এফে...