/asomiyapratidin/media/media_files/2025/05/27/eKlzb6fSMIvurdIVPQM5.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি জিলাত দুদিনীয়া ভ্ৰমনৰ দ্বিতীয় দিনা, জিলাখনৰ অভিভাৱক মন্ত্ৰীৰূপে অৰুণোদয় ৩.০ৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত সমিতিৰ সদস্যসকলৰ সৈতে আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এক বৈঠকত অংশ লয়। অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০ৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেক জিলাত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি (DLMC) গঠন কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/05/27/c1GMkPNcd3wwXIWWn2bK.jpeg)
আজিৰ বৈঠকত মহিলা সবলীকৰণ, দৰিদ্ৰতা নিৰ্মূল, আর্থিকভাৱে সুদৃঢ়কৰণৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এই কল্যাণমূলক আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী যাতে বঞ্চিত নহয়, তাৰ বাবে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/media_files/2025/05/27/QO4GsyrdlchUnVKsrYf9.jpeg)
অৰুণোদয় মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী আঁচনি বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই এই আচঁনিৰ দ্বাৰা সকলো যোগ্য হিতাধাৰীকে যাতে সামৰি ল’ব পাৰি সেইটো সুনিশ্চিত কৰিবৰ বাবে বিষয়া সকলক নিৰ্দেশ দিয়ে। মহিলা সবলীকৰণ আৰু আর্থিক স্বতন্ত্ৰতাৰ বাবে ই এক বিশেষ আঁচনি বুলি কৈ মন্ত্ৰীগৰাকীয়ে সমাজৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2025/05/27/mAclCeYNW99CRzc7bRmU.jpeg)
আজিৰ সভাতে ওদালগুৰি জিলাৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা মুঠ ৬গৰাকী শিল্পীক মন্ত্ৰী হাজৰিকাই প্ৰমাণপত্ৰ বিতৰণ কৰে। উল্লেখ্য যে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত প্ৰত্যেকটো বিধানসভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত ইউথ ক্লাবক আৰ্থিক অনুদান প্ৰদানৰ লক্ষ্য লৈছিল। ওদালগুৰি জিলাখনৰ ৪টা বিধান সভা সমষ্টিৰ ৪টা ক্লাবৰ প্ৰতিনিধিক আজিৰ সভাত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয়।
/asomiyapratidin/media/media_files/2025/05/27/QRa37ehQjCTYRh6BQpXu.jpeg)
আজিৰ সভাত অসম বিধান সভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, বিধায়ক ক্ৰমে গোবিন্দ চন্দ্ৰ বসুমতাৰী, দুৰ্গাদাস বড়ো আৰু চৰণ বড়ো, বিটিআৰৰ ইএম ক্ৰমে দিগন্ত বৰুৱা, নীলোৎ স্বৰ্গীয়াৰী আৰু দাওবাইছা বড়ো সহ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us