/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7b61e9c1-0724-45e1-980e-6fed99e3f795/kok.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত গো-হত্যা কৰাৰ অপৰাধত চাৰি যুৱকক স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ব কৰি উত্তম -মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। গো-হত্যা কৰা যুৱক চাৰিজন ক্ৰমে খালুমান তামাং (৪৮), খেমৰাজ ছেত্ৰী (১৮), ভীম তামাং (৩০) আৰু সনম ছেত্ৰী (১৬) ৷
প্ৰাপ্ত বাতৰি অনুসৰি যুৱক ৪ জনে পথাৰত এৰি দিয়া গৰু প্ৰথমে হস্ত নিৰ্মিত বন্দুকেৰে গুলী কৰি হত্যা কৰে । পিছত গৰুটো কাটি-বাচি জুইত সেকি লয় । পৰৱৰ্তী সময়ত চোৰাং বজাৰত হৰিণৰ মাংস বুলি বিক্ৰী কৰে। তেওঁলোকে তেনেদৰে কেবাবাৰো গৰু হত্যা কৰি চোৰাং বজাৰত হৰিণ বুলি বিক্ৰী কৰি আহিছিল।
তাৰ মাজতে এগৰাকী স্থানীয় লোকৰ পথাৰত এৰি দিয়া গৰু নোহোৱা হোৱাত চৌদিশে বিচাৰ-খোচৰ আৰম্ভ কৰে । তেনেদৰে বিচাৰি থাকোতে সৰলপাৰাৰ এঠাইত গৰু কাটি থকা অৱস্থাতে গৰুৰ গৰাকীয়ে চাৰি যুৱকক হাতে-লোটে আটক কৰে । গৰাকীয়ে হেৰুওৱা গৰুৰ ছিন্ন মূৰটোও উদ্ধাৰ কৰে । পিছত স্থানীয় ৰাইজে যুৱককেইজনক উত্তম -মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।
ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ভীম তামাং নামৰ যুৱকটো সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে । গৰুৰ মাংস জুইত পুৰি বজাৰত হৰিণাৰ মাংস বুলি বিক্ৰী কৰা যুৱক কেইজনৰ কৱলৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক আৰু খুকুৰীও উদ্ধাৰ কৰিছে ৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত গৰুৰ মাংসকে হৰিণাৰ মাংস বুলি অসাধু চক্ৰই বিক্ৰী কৰি আহিছে ।
Also Read: নদীত বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈছিল যুৱক, মৃত্যু...