/asomiyapratidin/media/media_files/2025/05/06/0UqQzPjSbHZEGLGnNF2i.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ সংহত শিশু উন্নয়ন সেৱা (আই চি ডি এছ) বৃদ্ধিৰ এক বৃহৎ পদক্ষেপৰ জৰিয়তে আজি চিৰাং জিলা সদৰ কাজলগাঁৱৰ জিলাকেন্দ্ৰৰ সভাকক্ষত অংগনবাড়ী সেৱা কৰ্মীৰ মাজত নিযুক্তি পত্ৰৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুঠ ৫৪ গৰাকী অংগনবাড়ী কৰ্মী আৰু ১২৪ গৰাকী সহায়ক পদৰ প্ৰাৰ্থীক আনুষ্ঠানিক ভাবে নিযুক্তি পত্ৰ প্ৰদান কৰে।
বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বাছনি প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু অখণ্ডতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় এই নিযুক্তিসমূহত কোনো পক্ষপাতিত্ব হোৱা নাই, কঠোৰভাৱে মেধাৰ তালিকাৰ ভিত্তিত বাচনি কৰা হৈছে।
তেওঁ লগতে কয় যে, নৱনিযুক্ত অংগনবাড়ী কৰ্মী আৰু সহায়ক সকলক নিষ্ঠা, দায়িত্ববোধ আৰু সমাজৰ প্ৰতি দৃঢ় কৰ্তব্যবোধেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। এই পদক্ষেপে সমগ্ৰ চিৰাং জিলাৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ কাম-কাজ যথেষ্ট শক্তিশালী কৰি তুলিব, যাৰ ফলত গ্ৰাম্য অঞ্চলৰ শিশু আৰু মাতৃসকলৰ বাবে পুষ্টি, স্বাস্থ্য আৰু শৈক্ষিক সেৱাৰ উন্নতি সাধন হ’ব বুলি আশা কৰা হৈছে।
উক্ত অনুষ্ঠানত চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় ​​কুমাৰ ৰায়, চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, জিলা সমাজকল্যাণ বিষয়া মনজিৎ দাসকে ধৰি অন্যান্য জিলা বিষয়াৰ লগতে নৱনিযুক্ত কৰ্মী আৰু সহায়কসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us