ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত নকৰিলে BTC ৰ ৰাজনীতি সলনি কৰি দিয়াৰ হুংকাৰ এবিএমছুৰ...

২৫ ছেপ্টেম্বৰত ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ এবিএমছুৰ এক বিশাল পদযাত্ৰা
ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত নকৰিলে BTC ৰ ৰাজনীতি সলনি কৰি দিয়াৰ হুংকাৰ এবিএমছুৰ...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাং: বিটিচিৰ বসবাসকাৰী ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ অধিকাৰ কাঢ়ি আনিবলৈ আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত এবিএমছুয়ে প্ৰত্যক্ষ ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিব। আগন্তুক সময়ত বিটিচি প্ৰশাসনে এবিএমছুৰ দাবীসমূহ পূৰণ নকৰিলে অহা বিটিচি পৰিষদীয় নিৰ্বাচনত এবিএমছুয়ে প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰি বিটিচিৰ ৰাজনীতি সলনি কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে।

আজি কাজলগাঁৱৰ চিৰাং দুৱাৰ অতিথিশালাত এবিএমছুৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে। উল্লেখ্য যে বিটিআৰ এলেকাত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ লগতে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক প্ৰাদেশীকৰণ কৰা, নতুন শিক্ষক নিযুক্তি দিয়া, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, গোষ্ঠীগত সংঘৰ্ষৰ বলি হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া, এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰা আদি দাবী উত্থাপন কৰি চলিত বৰ্ষৰ ২৫ ছেপ্টেম্বৰত ওদালগুৰিৰ পৰা বিটিচিৰ সদৰ কোকৰাঝাৰলৈ এবিএমছুয়ে এক বিশাল পদযাত্ৰা উলিয়াব বুলি ঘোষণা কৰে ।

এবিএমছুৰ এই পদযাত্ৰা কালত ঠাইয়ে ঠাইয়ে পথসভাৰ উপৰিও জনসভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত নিজৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰি আহিব। এবিএমছুয়ে দেশৰ সংবিধান প্ৰদত্ত অধিকাৰ বিচাৰি বিটিআৰ অঞ্চলত প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি বসবাস কৰি অহা লক্ষ লক্ষ জনগণৰ ন্যায় নিৰাপত্তা, অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত ধৰ্মীয় সংখ্যালঘূ মুছলমানসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত এখন উচ্চ পৰ্য্যায়ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সদৰি কৰে ।

সংবাদ মেলত এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয় যে বিটিআৰ এলেকাত বসবাসকাৰী ধৰ্মীয় সংখ্যালঘূ মুছলমানসকলৰ লগতে অন্যান্য অজনজাতি ভূমিহীন লোকসকলক ভূমিপট্টা দি তেওঁলোকৰ ভূমিৰ অধিকাৰ নিশ্চিত প্ৰদান কৰাৰ ক্ষেত্ৰত বিটিচিৰ পূৰ্বৰ শাসক হাগ্ৰামা মহিলাৰীয়েও কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে নিজেও একো কৰা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ ষষ্ঠ অনুসূচিত এলেকাত হিচাপে স্বীকৃত বিটিচিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত উচ্ছেদৰ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি চলাই আছে বুলি অভিযোগ উত্থাপন কৰে ।

প্ৰমোদ বড়োৱে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এই সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে জীয়াই ৰাখিছে বুলি কঠোৰ ভাষাত সমালোচনা কৰে। বিটিচি মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক সকিয়াই দি টাইছন হুছেইনে কয় যে, অতিশীঘ্ৰেই যদি এবিএমছুৰ দাবীসমূহ পূৰণ কৰাৰ ব্যবস্থা গ্ৰহণ নকৰে তেনেহলে আমি আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ সাজু হৈছো। আগন্তুক দিনত এবিএমছুয়ে ৰাজপথত গণতান্ত্ৰিক আন্দোলন চলাব আৰু বিটিচিৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰি বিটিচিৰ ৰাজনীতি ওলট পালট কৰি দিবলৈ আমি প্ৰস্তুতি গ্ৰহণ কৰিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in