তামুলপুৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা...

অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰৰ নামত বঞ্চনাৰ প্ৰতিবাদত এই আন্দোলন
তামুলপুৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা...
তামুলপুৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা...

ডিজিটেল সংবাদ তামুলপুৰঃ অসমৰ ভৈয়ামৰ অন্যতম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী শৰণীয়া কছাৰীসকলক সংবিধান প্ৰদত্ত অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰৰ নামত দীৰ্ঘদিনে কৰি অহা বঞ্চনাৰ প্ৰতিবাদত এইবাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাও নামিল ৰাজপথত ৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ জিলাই জিলাই এলানি আন্দোলনৰ কাৰ্যসূচী আজি ঘোষণা কৰা হয়৷

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপ জ্যোতি শৰণীয়াই সংবাদ মাধ্যমক জনোৱা মতে অহা ১২ আৰু ১৩ মাৰ্চত গণধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰৰ নামত দীৰ্ঘদিনে কৰি অহা বঞ্চনাৰ প্ৰতিবাদত এই আন্দোলনৰ ঘোষণা কৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই।

অসমৰ বিভিন্ন জিলাই জিলাই গণধৰ্ণাৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাপ্ত সাংগঠনিক মৰ্যদা অনুসৰি সাংবিধানিক মৰ্যদা প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়াই। সাধাৰণ সম্পাদক গৰাকীয়ে পুনৰ কয়- ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত সংবিধানৰ ৫ নং অনুচ্ছেদত কছাৰী হিচাপে অন্তৰ্ভুক্ত হোৱাৰ পিছতো শৰণীয়া কছাৰীসকলে বিভিন্ন সময়ত জনজাতিৰ প্ৰমাণ পত্ৰৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ থাকিবলগা হৈছে। জনজাতিৰ প্ৰমাণ পত্ৰ বন্ধ হৈ থকাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চাকৰি প্ৰাৰ্থীসকলেও যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে ৷ সেয়েহে অসম চৰকাৰক শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলক তেওঁলোকৰ প্ৰাপ্ত মৰ্যদা শীঘ্ৰেই প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়।

তামুলপুৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা...
'কা'ৰ বিৰুদ্ধে ধেমাজিত জিলা ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in