Advertisment

কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদ

২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীৰ দাবীসমূহ পূৰণ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ প্ৰদান কোচ ৰাজবংশী নেতাৰ।

author-image
Asomiya Pratidin
New Update
কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদ

কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ বাক্সাঃ ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীৰ দাবীসমূহ পূৰণ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ প্ৰদান কোচ ৰাজবংশী নেতাৰ।

Advertisment

সদৌ কোচ ৰাজবংশী ঐক্য মঞ্চৰ উদ্যোগত আৰু বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত উলিওৱা এক প্ৰতিবাদী সমদলৰমাজতে এই হুংকাৰ দিছে কোচ ৰাজবংশীয় সগংঠনৰ নেতৃত্বৰ। সংগঠনটোৱে কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবী আজিৰ প্ৰতিবাদী সমদলৰ জৰিয়তে পুনৰ এবাৰ উত্থাপন কৰে।

কোচ ৰাজবংশীসকলৰ বিভিন্ন দাবীৰ সন্দৰ্ভত আজি উলিওৱা এই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে নো এছ টি নো ৰেষ্ট, কোচ ৰাজবংশী জিন্দাবাদ, আক্ৰাছু জিন্দাবাদ, কমতাপুৰ আমাক লাগিবই, আমাৰ দাবী ন্যায্য দাবী, বিজেপি চৰকাৰ হায় হায়, অসম আৰক্ষীৰ দাদাগিৰী নচলিব আদি শ্লোগানেৰে মুছলপুৰৰ আকাশ বতাহ কপাই তোলে।

প্ৰায় তিনি শতাধিক প্ৰতিবাদাকাৰীয়ে মুছলপুৰৰ চহৰৰ মাজেৰে সমদল কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

মুছলপুৰ বাক্সা আক্ৰাছু