/asomiyapratidin/media/media_files/2025/04/10/7wFxkE6DK513j575JyRI.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত যোৱা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হোৱা এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ স্থগিত প্ৰতিনিধি সভা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আজি এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউছত অনুষ্ঠিত হোৱা এবছুৰ কেন্দ্ৰীয় সমিতিৰ কেবিনেট বৈঠক মৰ্মে অহা ২৭ এপ্ৰিলত কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে প্ৰতিনিধি সভা পুনৰ আহ্বান কৰা হৈছে ।
আজি এক প্ৰেছ বিবৃতি যোগে এই তথ্য সদৰি কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খণীন্দ্ৰ বসুমতাৰীয়ে। উল্লেখ্য যে অহা ২৭ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়াৱ প্ৰতিনিধি সভাত এবছুৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ইতিমধ্যে পঞ্জীয়ন কৰা প্ৰতিনিধিয়ে অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব আৰু নতুনকৈ পঞ্জীয়নৰ প্ৰয়োজন নাই বুলি বিবৃতিত সদৰি কৰিছে।
প্ৰতিনিধি সভাত সকলো ৰাজ্যিক, জিলা, আঞ্চলিক সমিতি আৰু সংযুক্ত ইউনিটসমূহক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এবছুৰ কেবিনেট বৈঠকে। উক্ত প্ৰতিনিধি সভাতে পুৰনি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হ'ব বুলি বিবৃতিত উল্লেখ কৰিছে । তদুপৰি প্ৰতিনিধি সভাতে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে।
ইপিনে এবছুৰ সভাপতি দ্বীপেন বড়োৱে দীঘলীয়া কাৰ্যকালৰ অন্তত তেওঁ এবছুৰ পৰা বিদায় ল'ব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত প্ৰতিনিধি সভাই হে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে।