বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰনৰ দাবীত এবছুৰ প্ৰতিবাদ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰনৰ দাবীত এবছুৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰনৰ দাবীত এবছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰনৰ দাবীত এবছুৰ পুণৰ ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী। এবছুৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ মহাবিদ্যালয়সমুহত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Advertisment

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় ,কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় , ছোৱালী মহাবিদ্যালয় , বাণিজ্য মহাবিদ্যালয়, জনতা মহাবিদ্যালয় , গোসাঁইগাঁও মহাবিদ্যালয়ৰ প্ৰাংগনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।

উচ্চ ন্যায়ালয়ৰ জামিন লৈ থকা উপাচাৰ্য লাইশ্ৰম লাড্ডু সিঙক শীঘ্ৰে অপসাৰণৰ দাবীত এবছুৱে ইতিপূৰ্বে সম্পন্ন কৰিছে কেবালানি ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী। তৎসত্বেও উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ নকৰাত সোমবাৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে।

তেওঁলোকৰ দাবী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰম লাড্ডু সিঙক অতি শীঘ্ৰে অপসাৰণ কৰি নতুন উপাচাৰ্য নিয়োগ কৰিব লাগে । ইয়াৰোপৰি সময়মতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, প্ৰতিটো ষাণ্মাষিকৰ পাঠ্যপুথি উপলব্ধ কৰা, সময়মতে ষাণ্মাষিক পৰীক্ষা অনুষ্ঠিত কৰা আদি দাবীসমূহো উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰম লাড্ডু সিঙক অতি শীঘ্ৰে অপসাৰণ নকৰিলে বিটিআৰ এলেকাৰ সকলো ছাত্ৰ -ছাত্ৰীক লৈ কোকৰাঝাৰত বিশাল আন্দোলনৰ হুংকাৰ । ইয়াৰ পিছতো গা নলৰিলে বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও কয় প্ৰতিবাদকাৰীসকলে ।

Also Read: মোৰ দুখ লগা নাইঃ দুটি সন্তান বিক্ৰী কৰা মাতৃৰ অপকট স্বীকৰোক্তি

protest