ডিজিটেল সংবাদ ওদালগুৰিঃ বড়ো মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি অহা সমস্যাসমূহৰ তৎক্ষণাত সমাধানৰ দাবীত আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ খেল পথাৰত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্য্যসূচীৰ জড়িয়তে ছাত্ৰ সংঠনটোৱে অসম ন্যায়িক সেৱা পৰীক্ষাত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা, কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষাত (CTET) প্ৰথম ভাষা হিচাপে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমৰ বাবে ৩৫ খন নতুন 'আদৰ্শ হাইস্কুল' প্ৰতিষ্ঠা কৰা, ১০১ খন বড়ো মাধ্যমৰ বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি সেই বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ নিযুক্তি নিশ্চিত কৰা, BTR চুক্তিৰ ধাৰা ৬.৩ মতে অপ্ৰেদেশীত বিদ্যালয়সমূহক ততাতৈয়াকৈ প্ৰাদেশীকিকৰণ কৰা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালী আৰু স্থগিত পদসমূহ তৎক্ষণাত পূৰণ কৰা আদি দাবী উত্থাপন কৰে।
প্ৰতিবাদত অংশ গ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে চৰকাৰক শীঘ্ৰে দাবীসমূহ পূৰণৰ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰে। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি এবছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় যে, নিখিল বড়ো ছাত্ৰ সন্থাই আজি সমগ্ৰ ৰাজ্যৰ জিলা সদৰসমূহত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মূল বিষয় হৈছে যে বড়ো মাধ্যমৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা। অসম ন্যায়িক পৰীক্ষাত বড়ো মাধ্যমটো অন্তৰ্ভূক্ত নকৰাত মাধ্যমটোৰ শিক্ষাৰ্থীসকল বঞ্চিত হৈছে। এয়া এক বৈষম্যমূলক কথা।
তেওঁ আৰু কয়, CTETত বড়ো মাধ্যম অন্তৰ্ভুক্ত কৰিব লাগে। যিহেতু অসম চৰকাৰে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত নকৰে, গতিকে বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলে CTET পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ বড়ো মাধ্যম অন্তৰ্ভুক্ত কৰাটো জৰুৰী। অন্যথা আগন্তুক দিনৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ শেষ হোৱাৰ আশংকাই দেখা দিছে।
একেদৰে মহাবিদ্যালয় প্ৰাদেশীকৰণৰ বিষয়টো কেৱল মাত্ৰ দহখন মহাবিদ্যালয়তে সীমাবদ্ধ হৈ থাকিল। আন কনিষ্ঠ মহাবিদ্যালয়, বিদ্যালয়সমূহ প্ৰাদেশীকৰণ হ'ব লাগিছিল যদিও বৰ্তমানলৈ নহ'ল। ১০১ টা উচ্চতৰ মাধ্যমিকৰ পদ মুকলি লগতে ৩৫ খন আদৰ্শ বিদ্যালয় স্থাপনৰ কথা আছিল যদিও হৈ নুঠিল।
বিদ্যালয় শিক্ষা বিভাগত বিষয়া নিযুক্তি, পাঠ্যপুঠি বিভাগত বিষয়া নিযুক্তিকে আদি কৰি কেইৱাটাও সমস্যা আছে। এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিও প্ৰতিশ্ৰুতি পালন নকৰিলে। বছৰৰ পিছত বছৰ ধৰি সমস্যাসমূহ সমস্যা হৈয়ে থাকিল। যাৰ বাবে আমি আজি ধৰ্ণাত বহিবলগীয়া হৈছে বুলিও কয় তেওঁ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এইসমূহ বিষয়ত হস্তক্ষেপ দাবী কৰি অহা তিনি-চাৰিমাহৰ ভিতৰত সমস্যাসমূহ সমাধানৰ দাবী কৰে। এনে ধৰণৰ সমস্যাসমূহ সমাধান নহ'লে আগন্তুক দিনবোৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিৰ লগতে কেন্দ্ৰীয় আৰু জিলা এবছুৰ কেইগৰাকী শীৰ্ষ এবছু নেতা উপস্থিত থাকে।