কিশোৰীৰ ধৰ্ষণৰ ভিডিঅ' প্ৰচাৰ কৰা টিভি চেনেলৰ বিৰুদ্ধে আইনৰ কাষ চাপিব ABSU..

কিশোৰীৰ ধৰ্ষণৰ ভিডিঅ' প্ৰচাৰ কৰা টিভি চেনেলৰ বিৰুদ্ধে আইনৰ কাষ চাবিপ ABSU..
কিশোৰীৰ ধৰ্ষণৰ ভিডিঅ' প্ৰচাৰ কৰা টিভি চেনেলৰ বিৰুদ্ধে আইনৰ কাষ চাবিপ ABSU..

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ এলেকাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক তিনিজনীয়া দুৰ্বৃত্তই যোৱা ১ জানুৱাৰী নিশা দলবদ্ধ ধৰ্ষণ আৰু পৰবৰ্তী সময়ত ধৰ্ষণ কাণ্ডৰ সেই অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ বাতৰি পৰিবেশন কৰাৰ নামত অসমৰ একাংশ সংবাদ মাধ্যমে পকচো আইনৰ নীতি নিৰ্দেশনাক আওকাণ কৰি অকতৃত্বশীল ভাৱে কিশোৰী গৰাকীৰ যৌন নিৰ্যাতনৰ ভিডিঅ' সম্প্ৰচাৰ কৰাক লৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে আজি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, চিৰাঙৰ ১৪ ভুক্তভোগী কিশোৰীগৰাকীৰ সৈতে যি তিনি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি পৰবৰ্তী সময়ত সেই ধৰ্ষণৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰিছিল সেই ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়ে ।

তেওঁ কয়, দুৰ্ভাগ্যজনক কথা চিৰাঙৰ সেই ১৪ বছৰীয়া কিশোৰী গৰাকীৰ সৈতে সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা প্ৰচাৰ কৰিবলৈ গৈ অসমৰ এটা আগশাৰীৰ চেনেলৰ লগতে আন একাংশ সংবাদ মাধ্যমে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে "যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন -২০১২" (POCSO) সন্দৰ্ভত জাৰি কৰা নীতি নিৰ্দেশনা উলঙ্ঘন কৰি কিশোৰী গৰাকীৰ আৰ্ত্তনাদ কৰি থকা ভিডিঅ' সংবাদ মাধ্যমত সম্প্ৰচাৰ কৰি দুৰ্ভগীয়া কিশোৰী গৰাকীক যেন দ্বিতীয় বাৰৰ বাবে ৰাজহুৱা ধৰ্ষণ কৰিলে।

তেওঁ এই কাৰ্যৰ বাবে সংশ্লিষ্ট সংবাদ মাধ্যমক তীব্ৰ গৰিহণা দিয়ে। তেখেতে অভিযোগ কৰি কয় যে, নিৰ্যাতিতাগৰাকীৰ এই অশ্লীল ভিডিঅ' একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সামাজিক মাধ্যমত ভাইৰেল কৰিছে এইটো সঁচা কথা, কিন্তু অসমৰ এটা আগশাৰীৰ চেনেলে এনে ধৰণৰ ভিডিঅ' সম্প্ৰচাৰ কৰি POCSO আইনৰ নীতি নিয়ম উলংঘা কৰি অপৰাধ সংঘটিত কৰিছে।

কাৰণ কিশোৰীগৰাকীৰ সৈতে সংঘটিত হোৱা ধৰ্ষণৰ ঘটনা এবছুয়ে জনাৰ পিছত নিৰ্যাতিতা কিশোৰী আৰু পৰিয়ালক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে থানাত এজাহাৰ দাখিল কৰিছিল । কিন্তু কালিৰ দিনটোত সেই ঘটনাৰ বাতৰি পৰিবেশনৰ নামত নিৰ্দিষ্ট চেনেলটোয়ে যি কাণ্ড সংঘটিত কৰিলে তাৰ বাবে এতিয়া ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লগতে অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে বুলি উল্লেখ কৰে ।

নিৰ্যাতিতা কিশোৰী আৰু পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে উক্ত চেনেল আৰু সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰা লোকসকলক আইনৰ আওতালৈ আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই আইনৰ দাৰস্থ হ'ব বুলি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে সদৰি কৰে।

ইপিনে উক্ত ধৰ্ষণ ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলক সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায় ।

কিশোৰীৰ ধৰ্ষণৰ ভিডিঅ' প্ৰচাৰ কৰা টিভি চেনেলৰ বিৰুদ্ধে আইনৰ কাষ চাবিপ ABSU..
বিজেপিৰ পৰা বহিস্কাৰ পাৰ্থ প্ৰতীম মিলিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in