Advertisment

ৰাজ্যত ধৰ্মীয় সংখ্যালঘুৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে : ABMSU

আজি কোকৰাঝাৰত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল শ্বেখে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য কৰি সংবিধানৰ নামত শপত লৈ সংবিধানবিৰোধী কাম কৰা বাবে মুখ্যমন্ত্ৰীক গৰিহণা দিয়ে।

author-image
Asomiya Pratidin
New Update
ABMSU

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ''মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা ৰাজ্যখনত ধৰ্মীয় সংখ্যালঘুৰ জীৱন -সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে। প্ৰতিনিয়ত শংকাত ভূগিব লগা হৈছে ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে।'' এই মন্তব্য প্ৰকাশ কৰিছে এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল শ্বেখে।

Advertisment

আজি কোকৰাঝাৰত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল শ্বেখে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য কৰি সংবিধানৰ নামত শপত লৈ সংবিধানবিৰোধী কাম কৰা বাবে মুখ্যমন্ত্ৰীক গৰিহণা দিয়ে। তদুপৰি কেবিনেটৰ গো-মাংসৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত এই সন্দৰ্ভত জাইদুল শ্বেখে কয় যে, কেবিনেটক সিদ্ধান্ত ল'ব লাগিছিল মদ, ড্ৰাগছৰ বিৰুদ্ধে। 

কিন্তু ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি গো- মাংসক লৈহে সিদ্ধান্ত লোৱা হৈছে । কোনে কি খাদ্য খাব সেয়া মুখ্যমন্ত্ৰীক  সুধি খাব লাগিব নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ চলাব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে জাইদুল শ্বেখে ।

মদ আৰু ড্ৰাগছৰ বাবেই বৰ্তমান যুৱচাম ধ্বংস হ'ব ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে আৰু ৰাজ্যখনৰ ভাল কৰিবলৈ যদিহে তেওঁ চেষ্টা কৰি আছে তেন্তে প্ৰথমে মদ আৰু ড্ৰাগছ একেবাৰে নাইকিয়া কৰিবলৈ প্ৰত্যাহ্বান জনাইছে। তদুপৰি গো মাংস সন্দৰ্ভত কেবিনেটত লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে এবিএমছুৱে। 

কোকৰাঝাৰ abmsu