/asomiyapratidin/media/media_files/2025/04/24/Jdbw3UXIoM0FE2IT8msa.png)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা এবিএমছুৱে আজি সন্ধিয়া কোকৰাঝাৰত পেহেলগাম ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিহতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।পেহেলগাম ঘটনাৰ প্ৰতিবাদত আৰু নিহতৰ পবিত্ৰ স্মৃতিত মমবাতি প্ৰজ্বলনেৰে এবিএমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে।
কাৰ্যসূচীৰ অন্তত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল ইছলামে নিহতৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । সংবাদমাধ্যমৰ আগত জাইদুল ইছলামে কয় যে পাকিস্তানে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে । ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তানৰ এয়াই প্ৰথম নহয়, পূৰ্বতেও পাকিস্তানে ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ নজিৰ আছে।
সন্ত্ৰাসবাদক এনেভাৱে দমন কৰিব লাগে যাতে সন্ত্ৰাসবাদৰ কথা ভাবিবলৈও পাকিস্তানে ভয় কৰে বুলি মন্তব্য কৰি পাকিস্তানেক মানচিত্ৰৰ পৰাই নোহোৱা কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে । এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল ইছলামে আহ্বান জনাইছে ।
আজিৰ কাৰ্যসূচীত এবিএমছুৰ উপসভাপতি মইনুদ্দিন আলি আৰু জিলাৰ নেতা-কৰ্মী-সদস্যসকল উপস্থিত আছিল।