/asomiyapratidin/media/media_files/2025/01/27/NGxcmkYZ73kHGA1axSGh.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ এবিএমছুৰ বিভাজিত গোটৰ সমস্যা সমাধান কৰাৰ লক্ষ্যৰে সোমবাৰ বিয়লিৰ ভাগত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনৰ সভাপতিত্বত এখনি জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।কাজলগাঁওস্থিত বনবিভাগৰ দুৱাৰ অতিথিশালাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত এবিএমছুৰ সভাপতি টাইছন হুছেইনে সংবাদমেল সম্বোধন কৰে।
সংবাদ মেলত তেওঁ কয়, কিছু স্বাৰ্থান্বেষী লোকৰ প্ৰৰোচনাত পৰি এবিএমছুৰ পৰা ফালৰি কাটি যি এক বিভাজিত গোট গঠন কৰিছিল সেই গোট ইতিমধ্যে ভংগ হৈছে। সভাপতি জনে লগতে জনায় যে এবিএমছুৰ দুজন বহিষ্কৃত নেতা আলী আজম আৰু আবু জুৱায়েৰ মণ্ডলে বিটিআৰৰ শাসকীয় দলৰ ছত্ৰছায়াত থাকি এবিএমছুক বিভাজন কৰাৰ মানসিকতাৰে এটা গোট গঠন কৰি কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতি গঠন কৰিছিল।
কিন্তু আজি এবিএমছুৰ জৰুৰী সভাত এবিএমছুৰ বিভাজিত গোটৰ কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ বিষয়ববীয়াই এবিএমছুৰ বিভাজিত গোটৰ জিলা সমিতি ভংগ কৰি এবিএমছুৰ মূল সমিতিৰ সৈতে চামিল হয় । সেই অনুসৰি বিভাজিত গোটৰ কোকৰাঝাৰ জিলাৰ সভাপতি ছেলিম শ্বেখৰ নেতৃত্বত জিলা সমিতি আৰু চিৰাং জিলা সমিতিৰ সভাপতি মইনুল হকৰ নেতৃত্বত জিলা সমিতিয়ে সদল বলে এবিএমছুৰ মূল সমিতিৰ সৈতে চামিল হয় ।
দুয়োটা জিলা সমিতিৰ বিষয়ববীয়াসকলো সংবাদ মেলত উপস্থিত থাকি মূল সমিতিৰ সৈতে থাকি জাতিৰ হকে কাম কৰি যোৱাৰ প্ৰতিজ্ঞাবদ্ধ হয় । আজিৰে পৰা এবিএমছুৰ কোনো বিভাজিত গোট নাই বুলি সংবাদমেলত ঘোষণা কৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে ।
সংবাদমেলত এবিএমছুৰ সভাপতিজনে লগতে স্পষ্ট কৰে যে বহিষ্কৃত ছাত্ৰ নেতা আলী আজম আৰু আবু জুবায়েৰ মণ্ডলক ভবিষ্যতে এবিএমছু লগতে বিটিআৰৰ সংখ্যালঘু ৰাইজে কেতিয়াও গ্ৰহণ নকৰে।বিভাজিত গোটৰ চিৰাং আৰু কোকৰাঝাৰ জিলা সমিতিৰ দুয়োজন জিলা সভাপতিক এবিএমছুৰ কেন্দ্ৰীয় সমিতিত সদস্য পদ দিয়া হৈছে ।
এবিএমছুক লৈ শংকিত হোৱা সকলে বিভিন্ন সময়ত এবিএমছুক দুৰ্বল কৰিবলৈ এবিএমছুৰ মাজত বিভাজন অনাৰ চেষ্টা চলাইছিল যদিও বাৰে বাৰে বিফল হৈছে । এবিএমছু সদায় অদ্বিতীয় আছিল আছে আৰু থাকিব । কোনো শক্তিয়ে এবিএমছুক বাধা প্ৰদান কৰি দমন কৰিব নোৱাৰিব ।
বাৰে বাৰে বিভাজন কৰিও বিফল হৈছে বিৰোধী শক্তি বা ৰাজনৈতিক শক্তি। টাইছন হুছেইনে লগতে কয় যে বৰ্তমান প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে বাৰে বাৰে এবিএমছুৰ মূল গোটক আওকাণ কৰি বিভাজিত গোটক লৈ বিভিন্ন সময়ত ৰাজনীতি কৰি আহিছে।
তেওঁ কয় যে, বিটিচিত এবিএমছুৰ ভুল গোটক বিটিআৰ প্ৰশাসনে মাতক আৰু বিটিচিৰ সংখ্যালঘু লোকৰ অভাৱ -সমস্যা আদি আলোচনাৰ মাধ্যমত সমাধান কৰক আমি মুকলি ভাৱে এবিএমছুৰ পৰা প্ৰমোদ বড়োক আদৰণি জনাম কিন্তু সেয়া নকৰি বিভাজিত গোটক লৈ বিটিআৰ চৰকাৰে ভিজন ডকুমেন্ট কৰি উন্নয়নৰ ফটা ঢোল বজোৱা দেখিবলৈ পোৱা যায়। কিন্তু বাস্তৱত বিটিআৰৰ কোনো উন্নয়ন হোৱা নাই, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকৰ । আজিও সংখ্যালঘু লোকে ভূমিপট্টা লাভ কৰা নাই। বৰঞ্চ বিটিচি চুক্তিৰ দফা অৱমাননা কৰি সংখ্যালঘু লোকক উচ্ছেদৰ জাননী দিয়া বুলি টাইচন হুছেইনে অভিযোগ কৰে।