চিৰাঙৰ ছামথাইবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ...

চোৰাং কাঠৰ অবৈধ সৰবৰাহ অব্যাহত আছে বি টি আৰত। আজি পুৱতি নিশা বাসুগাওঁ ফৰেষ্ট ৰেঞ্জৰ বনকৰ্মীসকলে এক অভিযান চলাই এখন চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। 

author-image
Tushar Pratim
New Update
চিৰাঙৰ ছামথাইবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ...

ডিজিটেল সংবাদ, চিৰাংঃ বন ধ্বংসৰে চোৰাং কাঠৰ অবৈধ সৰবৰাহ অব্যাহত আছে বি টি আৰ অঞ্চলত। আজি পুৱতি নিশা গোপন সূত্ৰৰ ভিত্তিত বাসুগাওঁ ফৰেষ্ট ৰেঞ্জৰ বনকৰ্মীসকলে এক অভিযান চলাই এখন চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। 

বনকৰ্মীসকলে জানিবলৈ দিয়া মতে পুৱতি নিশা তেওঁলোকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছামথাইবাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন ট্ৰাক জব্দ কৰে। অৱশ্যে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ সৰবৰাহ কৰা ট্ৰাকখনৰ চালকগৰাকীয়ে পলায়ন কৰে। 

জ্বদ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ১৮ চি ৮১৩৫। এই ট্ৰাকখনৰ পৰা বন কৰ্মীসকলে প্ৰায় ২০০ ঘনমিটাৰ চোৰাং কাঠ জব্দ কৰে। বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে চোৰাং কাঠ কঢ়িয়াই অনা ট্ৰাকখন কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্ত ঝাৰবাৰীৰ চিৰাং জিলাৰ মাজেদি বঙাইগাঁও নাইবা গোৱালপাৰালৈ যোৱাৰ কথা আছিল। 

চিৰাং বন বিভাগ চোৰাং কাঠ চিৰাং