/asomiyapratidin/media/media_files/2025/03/24/i89Ol40j3lkWzfDNdk1y.jpg)
ডিজিটেল সংবাদ বৰমাঃ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহ যাতে জনগোষ্ঠীটোৰ শিশুসকলে শৈশৱৰ পৰাই ভালকৈ চিনি পোৱাৰ লগতে সেই সমূহ বজাবলৈ পাৰে তাৰ লক্ষ্য আগত ৰাখি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বৰমা আঞ্চলিক শাখাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
সংগঠনটোৰ বৰমা আঞ্চলিক শাখাই ২৩ মাৰ্চৰ পৰা আৰম্ভ কৰিছে বড়ো জনগোষ্ঠীয় বাদ্যৰ প্ৰশিক্ষণ কৰ্মশালা। নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সম্পাদক জয়দেৱ নাৰ্জাৰীয়ে উদ্বোধন কৰা এই কৰ্মশালাত বড়ো জনগোষ্ঠীৰ খাম, চিফুঙ, চেৰজা আদি বজোৱাৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জনাইছে।
বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্যামল বসুমতাৰীয়ে সভাপতিত্ব কৰা কৰ্মশালাক উদ্বোধনী অনুষ্ঠানৰ আঁতধৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহন্ত বড়োৱে। উদ্বোধনী অনুষ্ঠানতবাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক মিথিংগা বড়োৰ লগতে অন্যান্য ছাত্ৰ নেতা, বড়ো লোক শিল্পীৰ লগতে বৰমা অঞ্চলৰ বহু বড়ো জনগোষ্ঠীয় যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।
এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলকসমল ব্যক্তি হিচাপে আছে সঞ্জীৱ বড়ো আৰুসোমখোৰ বড়ো। তেওঁলোক দুয়োৱে তৰুণ প্ৰজন্মৰ এই প্ৰতিনিধিসকলক পৰম্পৰাগত থলুৱা বাদ্যসমূহৰ সৈতে চিনাকী কৰাই দিয়াই নহয় সেইবোৰ ব্যৱাহ তথা বজোৱাৰো প্ৰশিক্ষণ প্ৰদান কৰিব।
আয়োজকসকলে জানিবলৈ দিয়া মতে এই কৰ্মশালা অহা ১২ এপ্ৰিললৈ মুঠ ২০ দিনীয়াকৈ অনুষ্ঠিত হ’ব। এই পৰ্যন্ত এই কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যা ১১০ জন।