৬০ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপনঃ গণিত, বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যম কৰাৰ বিৰোধিতা...

৬০ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপনঃ গণিত, বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যম কৰাৰ বিৰোধিতা...

author-image
Asomiya Pratidin
New Update
৬০ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপনঃ গণিত, বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যম কৰাৰ বিৰোধিতা...

৬০ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপনঃ গণিত, বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যম কৰাৰ বিৰোধিতা...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা আৰু তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ যুটীয়া উদ্যোগত আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত ৬০ সংখ্যক বড়ো মাধ্যম দিৱস পালন কৰা হয়। বড়ো মাধ্যম দিৱস উদযাপনৰ লগতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সাধাৰণ সভা অনুষ্ঠিত কৰে।

Advertisment

তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি খনিন্দ্ৰ নাৰ্জিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিনয় কুমাৰ নাৰ্জাৰীয়ে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ত নিজ মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী বিষয়ত পাঠ্যপুথি প্ৰদান কৰা চৰকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক বড়ো সাহিত্য সভাই নতুন শিক্ষানীতিৰ পৰিপস্থী বুলি অভিহিত কৰাৰ লগতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সলনি নকৰিলে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে বড়ো মাধ্যম দিৱসৰ অনুষ্ঠানৰ পৰা ৷

সভাত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীনেশ ব্ৰহ্মইও বক্তব্য দি বড়ো মাধ্যমৰ ওপৰত ভাষণ ৰাখে । তেওঁ চৰকাৰে মাতৃভাষাৰ বিদ্যালয়ত গনিত আৰু বিজ্ঞান বিষয়ৰ ইংৰাজী ভাষাৰ পাঠ্যপুথি দিয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে এই সিদ্ধান্ত কেতিয়াও মানি নলয় বুলি কয় ৷

তামুলপুৰ জিলা সাহিত্য সভাৰ সাধাৰন সম্পাদক বৰমোহন স্বৰ্গীয়াৰীয়ে আঁত ধৰা সভাত তামুলপুৰ জিলা এবছুৰ সভাপতি বানেশ্বৰ নাৰ্জাৰী, সাধাৰন সম্পাদক অজিত বড়ো, বড়ো মহিলা কল্যাণ সমিতিৰ কৰ্মকৰ্তা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলৰ উপৰিও ছাত্ৰ-ছাত্ৰী বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে ৷

Also Read: পুটিনে আগবঢ়াইছে বাম্পাৰ অফাৰঃ সেনা বাহিনীত ভৰ্তি হ'লেই লাভ কৰিব ৰাছিয়াৰ নাগৰিকত্ব...

বড়ো মাধ্যম দিৱস তামুলপুৰ