/asomiyapratidin/media/media_files/2025/05/01/PzxD6i6aV4ignry0YW1W.jpg)
ডিজিটেল সংবাদ, চিৰাং: আজি চিৰাং জিলা সদৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। বিয়লিৰ ভাগত কাজলগাঁও স্থিত নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা কাৰ্যালয়ত প্ৰথমে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীয়ে তাৰ পিছত উপস্থিত বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তাৰ পূৰ্বে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন আৰু তেওঁৰ নামত পথৰ নামাকৰণ কাৰ্য্যসূচী বিশাল ডিজিটেল স্ক্ৰীণত পোনপটিয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল। উক্ত অনুষ্ঠানত বিভিন্ন বড়ো জাতীয় দল সংগঠনৰ নেতৃত্ববৰ্গৰ উপৰি সাধাৰণ জনতা উপস্থিত থাকে।
জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীয়ে কয় যে, আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু দিৱসটি বড়ো জাতিৰ বাবে এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হ'ব। কাৰণ আজিৰ এই দিনটোতে দেশৰ ৰাজধানী নতুন দিল্লীৰ এটা পথত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে গুৰুত্বপূৰ্ণ পথছোৱাক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত উৎসৰ্গিত কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে যি আমাৰ বড়ো জাতিৰ বাবে অতি গৰ্বৰ বিষয় বুলি উল্লেখ কৰে।