কোকৰাঝাৰত ২০৯৬ গৰাকী আক্ৰান্ত মেলেৰীয়াত: প্ৰমোদ বড়োৰ সংবাদমেল

কোকৰাঝাৰ চান্দামাৰিস্থিত বাসভৱনত আজি সন্ধিয়া ৭:৩০ বজাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱক লৈ এক সংবাদমেলৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰমোদ বড়োৰ সংবাদ মেল

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চান্দামাৰিস্থিত বাসভৱনত আজি সন্ধিয়া ৭:৩০ বজাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱক লৈ এক সংবাদমেলৰ আয়োজন কৰে। জিলা আয়ুক্ত মাচান্দা পাৰ্টিন, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ উপস্থিতিত আয়োজিত হোৱা সংবাদমেলত প্ৰমোদ বড়োৱে কোকৰাঝাৰ জিলাত বৰ্তমানলৈকে ২০৯৬ গৰাকী লোক মেলেৰীয়াত আক্ৰান্ত হৈছে বুলি সদৰি কৰিছে ।

Advertisment

তদুপৰি মেলেৰীয়া প্ৰৱণ এলেকাৰ জিলাখনত সৰ্বমুঠ ১২ টা মেলেৰীয়া চিনাক্তকৰণ আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ'ব বুলি সদৰি কৰিছে । মেলেৰীয়া ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে এটা চিকিৎসকৰ দল কোকৰাঝাৰলৈ ৰাওনা হৈছে বুলি সদৰি কৰি প্ৰমোদ বড়োৱে কয় যে, ৰাইজৰ মাজত সজাগতা আনিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লুংচুং এলেকাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যকে মেলেৰীয়া টেষ্ট কৰা হ'ব বুলি সদৰি কৰি প্ৰমোদ বড়োৱে মেলেৰীয়া ধৰা পৰিলে চিকিৎসকৰ কাষ চাপিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। 

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰমোদ বড়োৱে স্বাস্থ্য বিভাগৰ সতে এক বৈঠকত মিলিত হয় আৰু মেলেৰীয়া ৰোধ কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । শেহতীয়াভাৱে মেলেৰীয়াত ৭ জন লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰি প্ৰমোদ বড়োৱে কয় যে ইয়াৰে দুজন আন বেমাৰতো আক্ৰান্ত হৈ আছিল ।

কোকৰাঝাৰ প্ৰমোদ বড়ো