Advertisment

আকাশবাণী কোকৰাঝাৰত ১০kW শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰ উদ্বোধন...

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰটো আজি গুৱাহাটীৰ পৰা ভিডিঅ' কনফাৰেন্সিংৰ যোগেদি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
আকাশবাণী কোকৰাঝাৰত ১০kW শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰ উদ্বোধন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰটো আজি গুৱাহাটীৰ পৰা ভিডিঅ' কনফাৰেন্সিংৰ যোগেদি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ উপস্থিতিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 

Advertisment

এই উপলক্ষে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতো এক অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভিডিঅ' কনফাৰেন্সিং যোগেদি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত আজিৰ দিনটো বড়োলেণ্ডবাসীৰ বাবে ঐতিহাসিক বুলি অভিহিত কৰি ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে ।

আকাশবাণী কোকৰাঝাৰত ১০kW শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰ উদ্বোধন...

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰটোৰ শক্তিবৃদ্ধিৰ বাবে বহুদিনৰ পৰা বড়োলেণ্ডবাসীয়ে দাবী জনাই আহিছিল আৰু আজি পূৰ্ণ হ'ল বুলি মন্তব্য কৰি এতিয়াৰে পৰা আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ যোগেদি সঠিক সময়ত দেশ বিদেশৰ বা -বাতৰি, চৰকাৰী নিযুক্তি-বিজ্ঞাপন, স্থানীয় বা-বাতৰি, মনোৰঞ্জনধৰ্মী অনুষ্ঠান সময়মতে এফএম যোগে শুনিবলৈ পাব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

আনহাতে অনুষ্ঠানত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে, এতিয়াৰে পৰা আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই ৭০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা এটা সামৰি ল'ব। নতুন বছৰত এইটো এটা ভাল উপহাৰ বুলি মন্তব্য কৰি সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।

আকাশবাণী কোকৰাঝাৰত ১০kW শক্তিসম্পন্ন নতুন এফএম ট্ৰেন্সমিটাৰ উদ্বোধন...

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে, চুবুৰীয়া দেশ ভূটানৰ গেলেফু মেগাচিটি হ'ব। প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ ৰে'ল চলিব আৰু সেয়া কোকৰাঝাৰৰ পৰাই চলিব। ইতিমধ্যে ইয়াৰ বাবে জৰীপ হৈ গ'ল, অনুমোদন হৈ গ'ল আৰু এতিয়া মাটি অধিগ্ৰহণৰ কাম চলি আছে। মাটি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হলেই নিৰ্মানকাৰ্য আৰম্ভ হ'ব বুলি সদৰি কৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলেনেৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত কোকৰাঝাৰৰ লোকসভা সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভা সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, আৰু পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ডঃ মঙ্গলসিং হাজোৱাৰী উপস্থিত থাকে।
     

কোকৰাঝাৰ প্ৰমোদ বড়ো