বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰী...

অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত ব্যাপক ধৰ্ণা-প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়
kokrajhar protest
kokrajhar protest

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰী ৷ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত ব্যাপক ধৰ্ণা-প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ১২ হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত কেৱল ৩ হাজাৰ পৰীক্ষাৰ্থীহে উত্তীৰ্ণ হৈছে পৰীক্ষাত ৷ বহুসংখ্যকে শূন্য নম্বৰ পোৱাৰো অভিযোগ উত্থাপন হৈছে।ছাত্ৰ-ছাত্ৰীৰ অভিযোগ - পৰীক্ষাৰ ফলাফল ঘোষণাত ব্যাপক বিসংগতি কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ৷

বিটিআৰৰ প্ৰায় ১৭ খন মহাবিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে এই প্ৰতিবাদী কাৰ্যসূচীত ৷ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভত উত্তাল হৈ পৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নিয়ন্ত্ৰয়কক বৰ্খাস্তৰ দাবী প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ।

পাঠ্যক্ৰম, পাঠ্যপুথি, ৰুটিনো সময়মতে যোগান নধৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ে। প্ৰচণ্ড খেলিমেলিৰে সদায় লাইমলাইটত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়। গ’ বেক ধ্বনিৰে উত্তপ্ত কৰি ৰাখিছে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিল্ডিঙৰ মূল দ্বাৰ ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে বি ইউৰ শেহতীয়া ফলাফলৰ বিসংগতিক লৈ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এই ক্ষেত্ৰত মন্তব্য কৰে যে শীঘ্ৰে সমাধান কৰা হ'ব পৰীক্ষা ফলাফলৰ সমস্যা। পদ্ধতি সলনি কৰি উত্তীৰ্ণৰ হাৰ বঢ়োৱা হ'ব। ১০ দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান নহ'লে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ গুচি যোৱাৰ ভাবুকি কলেজৰ অধ্যক্ষৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in