বড়োলেণ্ড বিশ্ববিদ্যালয়ত পিএ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ত পিএ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

author-image
asomiyapratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ত পিএ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ সোঁৱৰণত পোন প্ৰথমবাৰৰ বাবে শুকুৰবাৰৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পিএ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ।

Advertisment

কোকৰাঝাৰ চহৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত পিএ চাংমা সোঁৱৰণী বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন আনুষ্ঠানিকভাৱে আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত আৰু বিটিআৰ শিক্ষা বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হোৱা পিএ চাংমা সোঁৱৰণি বক্তৃতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে চিকাগাং , বাংলাদেশ বিশ্ববিদ্যালয়ৰ অধ্যাপক , সমল ব্যক্তিসকলে যোগদান কৰে ।

উক্ত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয় উপাচাৰ্য লাইশ্ৰুং লাডু সিং আদিকে ধৰি বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বী , অধ্যাপক , প্ৰশাসনিক বিষয়াও উপস্থিত থাকে ।

আজিৰ অনুষ্ঠানৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই মুখ্য অতিথি হিচাপে যোগদান কৰি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ সোঁৱৰণত বড়োলেণ্ড বিশ্ববিদ্যালয়ে লোৱা উদ্যোগক ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী কনৰেড চাংমাই সংবাদমাধ্যমৰ আগত অসম -মেঘালয়ৰ সীমা বিবাদ শীঘ্ৰেই নিষ্পত্তি হ'ব বুলি মন্তব্য কৰি এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , গৃহমন্ত্ৰী অমিত শ্বাহ , আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স'তে অনুষ্ঠিত হোৱা আলাপ -আলোচনা সম্পূৰ্ণ ইতিবাচক আৰু সঠিক পথেৰেই অগ্ৰগতি লাভ কৰা বুলি সদৰি কৰিছে ।

অতি শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই ।
ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ অৱদানক সশ্ৰদ্ধ সোঁৱৰণ কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পদক্ষেপক প্ৰশংসা কৰে ।

তদুপৰি অহা ৮ জুনত কোকিলাবাৰী বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ বাবে তেওঁলোক সাজু বুলি মন্তব্য কৰি তেওঁলোকৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি সদৰি কৰিছে । দুই এদিনতে কোকিলাবাৰী বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচন উপলক্ষে দলীয় প্ৰাৰ্থী ঘোষণা কৰা হ'ব বুলিও সদৰি কৰিছে প্ৰমোদ বড়োৱে ।

আৰু পঢ়ক: ৩১ মে'লৈকে পৰ্যটকৰ বাবে মুকলি থাকিব কাজিৰঙা…

assam kokrajhar