বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন সম্পন্নঃ নতুন শিক্ষানীতিক প্ৰশংসা ৰাজ্যপাল জগদীশ মুখীৰ…

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন সম্পন্নঃ নতুন শিক্ষানীতিক প্ৰশংসা ৰাজ্যপাল জগদীশ মুখীৰ…

author-image
asomiyapratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন সম্পন্নঃ নতুন শিক্ষানীতিক প্ৰশংসা ৰাজ্যপাল জগদীশ মুখীৰ…

ডিজিটেল সংবাদ কোকৰাঝাৰ: বিটিচি চুক্তিৰ আধাৰত গঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মঙ্গলবাৰে দ্বিতীয় সমাবৰ্তন অনুষ্ঠিত হয় । উক্ত সমাবৰ্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৪১৭১ জন স্নাতক , স্নাতকত্তোৰ , ডিপ্লোমা আৰু ডক্টৰেট ডিগ্ৰীধাৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰে।

উল্লেখ্য যে, ২০০৯ চনত স্থাপিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত বৰ্তমান ৫৭ খন কলেজ আৰু ৭ খন বিএড কলেজ আছে । বিশ্ববিদ্যালয়খনত বৰ্তমান অসমীয়া , বড়ো , ইংৰাজী , ৰাজনীতি বিজ্ঞান , জীৱবিদ্যা , প্ৰাণীবিদ্যা , ৰসায়ন বিজ্ঞান , বায়োটেকনোলজী , কম্পিউটাৰ বিজ্ঞান আদিকে ধৰি ১৭ টা বিভাগত স্নাতকত্তোৰ পাঠ্যক্ৰমৰ সুবিধা আছে । বিশ্ববিদ্যালয়খনে কাঠফুলা খেতি, বাঁহ টেকনোলজীৰ ওপৰতো ডিপ্লোমা প্ৰদান কৰি আহিছে ।

সমাবৰ্তনত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে অনুষ্ঠান সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰি বড়োলেণ্ড এলেকাৰ উৎপাদনমুখীতাৰ শলাগ লয় । নতুন শিক্ষানীতিক প্ৰশংসা কৰি জগদীশ মুখীয়ে নতুন শিক্ষানীতিৰ অধীনত পাঠ্যক্ৰম যিমান পাৰে সোনকালে বলৱৎ কৰিবলৈ আহ্বান জনাইছে । গৱেষণাত অধিক মনোযোগ দিবলৈ আহ্বান জনাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনাগত দুই বছৰত আৰু অধিক বিভাগ সংযোগ হব বুলি মন্তব্য কৰিছে।ইপিনে সমাবৰ্তনত পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুত চক্ৰবৰ্তী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকে ।

assam kokrajhar Bodoland university