দ্বাদশ শ্ৰেণীলৈ উন্নিত হ'ব বড়ো মাধ্যমঃ বড়ো সাহিত্য সভাৰ আদৰণি...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাক ধন্যবাদ জনালে বড়ো সাহিত্য সভাই।

author-image
Asomiya Pratidin
New Update
দ্বাদশ শ্ৰেণীলৈ উন্নিত হ'ব বড়ো মাধ্যমঃ বড়ো সাহিত্য সভাৰ আদৰণি...

HIMANTA BISWA SARMA AT KOKRAJHAR

ডিজিটেল ডেস্কঃ বড়ো মাধ্যম দ্বাদশ শ্ৰেণীলৈ উন্নিত কৰাৰ বাবে অসম চৰকাৰৰ শেহতীয়া কোকৰাঝাৰ কেবিনেটত লোৱা সিদ্ধান্তক আদৰণি জনাইছে বড়ো সাহিত্য সভাই। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাই।

Advertisment

বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু সম্পাদক প্ৰসান্ত বড়োৰ স্বাক্ষৰ সম্বলিত প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে, চলিত মাহৰ ৬ ছেপ্তেম্বৰ ২০২২ তাৰিখে কোকৰাঝাৰত অসম চৰকাৰৰ কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক হৈ যায়। সেই বৈঠকতে বড়ো সাহিত্য সভা আৰু সহযোগী সংগঠনে বহুত বছৰৰ পৰা দাবী কৰি অহা বড়ো মাধ্যমটো দ্বাদশ শ্ৰেণীলৈ উন্নিত কৰা দাবীটোৰ প্ৰতি সহাৰি জনাই কেবিনেট বৈঠকে অনুমোদন জনায়।

অন্যান্য দাবীৰ লগতে দীৰ্ঘদিনীয়া মহাবিদ্যালয় সমূহত বড়ো প্ৰবক্তা নিযুক্তিৰ সম্পৰ্কে সংৰক্ষণৰ আওতাৰ বাহিৰত আনি বড়ো ভাষাৰ সহকাৰী অধ্যাপক/সহযোগী অধ্যাপক নিযুক্তি কৰিবলৈ এক আইন যোগে কাৰ্যকৰীকৰণৰ ব্যৱস্থা লোৱা সিদ্ধান্তৰ বাবে বড়ো সাহিত্য সভাই মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ মন্ত্ৰী সভাৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ উপৰিও বড়ো সাহিত্য সভাই এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকো ধন্যবাদ জনাইছে।

himanta biswa sama pramod boro BORO MEDIUM boro sahitya sabha kokrajhar