/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, চিৰাং : চৰকাৰী বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত আৰু অসমত নতুনকৈ বিদ্যালয় প্ৰাদেশীকৰণ বন্ধ কৰাৰ কেবিনেট সিদ্ধান্তক লৈ চিৰাঙৰ কাজলগাঁৱত এবছু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত ৰাইজৰ সৈতে সজাগতা মেল অনুষ্ঠিত হয়।
কাজলগাঁৱৰ বুধবাৰে ৰাইজৰ সজাগতা মেলত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, এবছুৰ সভাপতি দ্বীপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীকে আদি কৰি বিশিষ্ট ব্যক্তি, দল সংগঠনৰ নেতা কৰ্মী আৰু শিক্ষানুষ্ঠানৰ অধ্যক্ষ সকল।
সম্প্ৰতি চৰকাৰী শিক্ষানুষ্ঠান সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিশেষকৈ অসমত নতুনকৈ বিদ্যালয় প্ৰাদেশীকৰণ বন্ধ কৰাৰ কেবিনেট সিদ্ধান্তক লৈ বিটিআৰ এলেকাৰ দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসম চৰকাৰৰ এই দুটা কেবিনেট সিদ্ধান্তক লৈ এবছু আৰু বড়ো সাহিত্য সভাই যৌথ ভাবে তীব্ৰ আপত্তি দৰ্শাই আজি কাজলগাঁৱৰ জিলা এবছুৰ কাৰ্য্যালয়ত বিভিন্ন বড়ো জাতীয় দল সংগঠন সৈতে মিলিত হৈ ৰাইজৰ মতামত গ্ৰহণ কৰি আগন্তুক সময়ত সিদ্ধান্ত গ্ৰহণ কৰা কথা উল্লেখ কৰে। অসম চৰকাৰৰ এই দুটা কেবিনেট সিদ্ধান্তক উঠাই ল'বলৈ এবছু আৰু বড়ো সাহিত্য সভাই যৌথ ভাৱে আহ্বান জনায়।
প্ৰয়োজনত চৰকাৰৰ এই কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰকাশ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো আৰু এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে। অসমত এতিয়াও বহু ভিতৰুৱা অঞ্চলত বহু অপ্ৰাদেশীকৃত মহাবিদ্যালয়, বিদ্যালয় আছে। উক্ত শিক্ষানুষ্ঠানত বছৰৰ পিছত বছৰ ধৰি শিক্ষক সকলে বিনা দৰমহাত শিক্ষকতা কৰি ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি আছে।
বিটিআৰ শান্তিচুক্তিৰ ৬.৩ দফা অনুসৰি বিটিআৰ এলেকাত থকা অপ্ৰাদেশীকৃত মহাবিদ্যালয়, বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ কথা উল্লেখ কৰা আছে। তেনেক্ষেত্ৰত নতুনকৈ বিদ্যালয় প্ৰাদেশীকৰণ বন্ধ কৰা সিদ্ধান্ত বিটিআৰ শান্তিচুক্তিৰ চুক্তিৰ দফা ৬.৩ৰ পৰিপস্থী বুলি আখ্যা দিয়ে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে।
আৰু পঢ়ক : ৬ বছৰৰ পাছত ছ'চিয়েল মিডিয়াত পৰিয়ালে দেখা পালে গহপুৰৰ জেকিক…