বড়ো বোলছবিৰ চতুৰ্থ তম বঁটা প্ৰদান অনুষ্ঠান...

বাক্সা জিলাৰ বৰমাত অহা ২৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব বড়ো বোলছবি জগতৰ ৪ ৰ্থ তম বঁটা প্ৰদান সভা ।
বড়ো বোলছবিৰ চতুৰ্থ তম বঁটা প্ৰদান অনুষ্ঠান...

ডিজিটেল সংবাদ, বৰমা: বাক্সা জিলাৰ বৰমাত অহা ২৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব বড়ো বোলছবি জগতৰ ৪ ৰ্থ তম বঁটা প্ৰদান সভা । বড়ো চিনে আৰ্টছ এছোছিয়েছনৰ দ্বাৰা আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজীত দৈমাৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।

এই কথা দেওবাৰে বড়ো চিনে আৰ্টছ এছোছিয়েছনৰ কাৰ্যবাহী বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা বুলি বড়ো চিনে আৰ্টছ এছোছিয়েছনৰ সাধাৰণ সম্পাদক গুৰু পবিত্ৰ বড়োই জনাই। তেওঁ জানিবলৈ দিয়া মতে এদিনীয়া কাৰ্যসূচীৰে বড়ো চিনে আৰ্টছ এছোছিয়েছনে বড়ো বোলছবি জগতৰ জড়িত শিল্পী সকলৰ মাজত শ্ৰেষ্ঠ বোলছবি, নিৰ্দেশক, প্ৰযোজক, সংগীত পৰিচালক, গায়ক-গায়িকাৰ লগতে ২০ টা বিভাগত বটাঁ প্ৰদান কৰিব ।

সভাৰ অন্তত সাংবাদিকক বড়ো বোলছবিৰ খ্যাত অভিনেতা ফৈলা জে বৰগয়াৰীয়ে কয় যে বড়ো বোলছবিবোৰ ৰাইজৰ মাজত শ্ৰেষ্ঠ পৰিচালক, প্ৰযোজক সকলক উৎসাহ দিয়াৰ কাৰণে আৰু বড়ো বোলছবিবোৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সমাজিক সংগঠন আৰু ৰাইজৰ সহায়ত এই বটাঁ প্ৰদান কৰিব অহা ২৮ ডিচেম্বৰত বুলিও জনাই। আজিৰ কাৰ্যসূচীত বডো চিনে আৰ্টছ এছোছিয়েছনৰ সভাপতি নেৰছৌন বড়ো, সাধাৰণ সম্পাদক গুৰু পবিত্ৰ বড়োৰ লগতে বড়ো বোলছবি জগতৰ বহু অভিনেতা-অভিনেত্ৰী সকলে উপস্থিত থাকে।

আৰু পঢ়ক: অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ 'ৰাষ্ট্ৰীয় আইন দিৱস পুৰস্কাৰ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in