আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল ডেস্ক : আজি ১৬ নৱেম্বৰ, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস । বড়ো জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণ আৰু বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। সাহিত্যই হ'ল জাতি এটাৰ দাপোন। সাহিত্যৰ মাজেৰে জাতিৰ পৰিচয় প্ৰতিফলিত হয়। বড়ো জাতিটোক শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহিত্যই সদায় গতিশীল ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাই আৰম্ভণিৰে পৰা জনগোষ্ঠীটোক সজাগ-সচেতন কৰাৰ উপৰি নতুন প্ৰজন্মক দিশ দৰ্শন দিয়াৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয়। ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত। এই অনুষ্ঠানটোত অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিম বংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে নেপালৰো প্ৰতিনিধি আছে।

উল্লেখ্য যে, ভাৰত স্বাধীন হোৱাৰ পাছত, কিছু সংখ্যক বড়ো বুদ্ধিজীৱী লোকে বড়ো ভাষা সংৰক্ষণৰ কথা চিন্তা কৰে। পূৰ্বৰ বহুতো বড়ো সাহিত্যিকে অসমীয়া অথবা বঙালী মাধ্যমৰ যোগেদি শিক্ষা লাভ কৰিছিল। বড়ো সাহিত্য সভাই বহুদিন সংগ্ৰাম কৰাৰ পাছত ১৯৬৩ চনত প্ৰাথমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়। ইয়াৰ পিছত ১৯৬৮ চনত মাধ্যমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in