দক্ষিণ শালমাৰাৰ হাজিৰহাটত নাও খেল প্ৰতিযোগিতা...

মানকাচৰ জিলাৰ হাজিৰহাটৰ ঢালুৱামাৰীত তিনি দিনীয়া কাৰ্য্যসূচীৰে নাও খেল প্ৰতিযোগিতা আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰাৰ হাজিৰহাটত নাও খেল প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, মানকাচৰ : সোমবাৰৰ পৰা আৰম্ভ হোৱা নাও খেল প্ৰতিযোগিতাৰ দ্বিতীয় দিনা মুঠ ৭ খন নাও অংশগ্ৰহণ কৰে । আজি প্ৰতিযোগিতাৰ বাকী থকা খেল সমূহৰ লগতে চূড়ান্ত খেল অনুষ্ঠিত কৰা হব । অসম তথা মেঘালয়ৰ নাও সমূহ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। পৰম্পৰাগত এই নাও খেল চাবলৈ নদীৰ পাৰত প্ৰতিদিনে অগণন লোকৰ সমাগম হয় । হাজিৰহাট এলেকাত সাধাৰণতে স্বাধীনতা দিৱসৰ দিনা এই নাও খেল পতা হয় যদিও নদীত পানী কম হোৱাৰ বাবে এইবেলি নাও খেল প্ৰতিযোগিতা পিছুৱাই দিয়া হৈছিল । বিগত প্ৰায় ৩০ বছৰ ধৰি অঞ্চলটোত এইদৰে পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা চলি অহা পৰিলক্ষিত হৈছে ।

Advertisment

ইফালে এই হাজিৰহাট অঞ্চলৰ আন এক পৰম্পৰাগত খেল হৈছে ফুটবল প্ৰতিযোগিতা । বছৰ বছৰ ধৰি অঞ্চলটোৰ লোক সকলে ফুটবল খেলি পৰম্পৰা জীয়াই ৰাখিছিল যদিও নদীৰ গৰাখহনীয়াৰ ফলত হাজিৰহাট ফুটবল খেলপথাৰ নষ্ট হৈ পৰিছে । জিলা প্ৰশাসনে হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ খন ফুটবল খেলাৰ বাবে উন্নত কৰি দিয়াৰ দাবী জনাইছে অধ্যক্ষ ৰফিকুল ইছলামে ।

assam mankachar