স্বাধীনতা দিৱস উপলক্ষে চুবুৰীয়া মেঘালয়ৰ নতুন ভাইটবাৰীত পৰম্পৰাগত নাও খেল

স্বাধীনতা দিৱস উপলক্ষে চুবুৰীয়া মেঘালয়ৰ নতুন ভাইটবাৰীত পৰম্পৰাগত নাও খেল

author-image
asomiyapratidin
New Update
স্বাধীনতা দিৱস উপলক্ষে চুবুৰীয়া মেঘালয়ৰ নতুন ভাইটবাৰীত পৰম্পৰাগত নাও খেল

ডিজিটেল ডেস্ক: পৰম্পৰাগত এই নাও খেল অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম মেঘালয় সীমান্তবৰ্তী চুবুৰীয়া অঞ্চলসমূহৰ সৈতে মেঘালয়তো অনুষ্ঠিত হৈ আহিছে । বিশেষকৈ প্ৰতিবছৰে স্বাধীনতা দিৱস আহিলে এই নাও খেলৰ পৰম্পৰা জীয়াই ৰাখিবলৈ মানকাচৰৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যখনতো নাও খেল অনুষ্ঠিত হয় । কালি বিয়লি প্ৰায় ৬ বজাত ৰাজ্যখনত অসমৰ টাকিমাৰী আৰু মেঘালয়ৰ নলবাৰী গাঁৱৰ মাজত প্ৰথমটো নাও খেল অনুষ্ঠিত হয় । প্ৰথমটো খেলত মেঘালয়ৰ দলটো ২-০ ব্যৱধানত জয়ী হয় । আজি পুৱা ৯ বজাৰ পৰা আন ৬ খন গাঁওত প্ৰথম ৰাউণ্ডৰ খেল অনুষ্ঠিত হোৱাৰ পাছত চাৰি খন দলৰ মাজত ছেমি ফাইনেল অনুষ্ঠিত কৰা হ'ব । 

Advertisment

৭৬ বছৰ ধৰি অনুষ্ঠিত কৰি অহা এই নাও খেল চাবলৈ নদীৰ পাৰত সাধৰণ লোকৰ হেতা ওপৰা দেখা যায়। হেজাৰ হেজাৰ পুৰুষ-মহিলা, শিশু-বৃদ্ধ সকলে নদীৰ পাৰত নাও খেল দেখিবলৈ ভীৰ কৰে। একাংশ জনে আকৌ ওচৰৰ পৰা নাও খেল চাবলৈ নাও ভাড়া কৰি নদীৰ মাজত গৈ নাও খেল উপভোগ কৰে।

আৰু পঢ়ক : স্বাধীন হিন্দুৰাষ্ট্ৰৰ ৰাজধানীৰ বাবে আবেদন জনোৱা হ'ল বাৰানসীৰ নাম ! লালকিল্লাত এইবাৰেই অন্তিম নেকি ৰাষ্ট্ৰীয় পতাকাৰ  উত্তোলন ?

assam independence day meghalaya