মানকাচৰৰ সুখচৰত মালবাহী নাও দুর্ঘটনা…

মানকাচৰৰ সুখচৰত মালবাহী নাও দুর্ঘটনা…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ সুখচৰ ব্ৰহ্মপুত্ৰ নদীত শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত এখন মালবাহী নাও দুর্ঘটনাগ্ৰস্থ হৈ প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী নষ্ট হয়।

উল্লেখযোগে যে ধুবুৰী চহৰৰ পৰা জহিৰুল ইছলাম নামৰ নাৱৰীয়া জনৰ নাঁৱত হাটশিঙিমাৰী এলেকাৰ কেবাজনো ব্যৱসায়ীয়ে প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী কঢ়িয়াই আনিছিল। নদীত পানী কম হোৱাৰ লগতে প্ৰবল সোঁতৰ বাবে নাও খনৰ তলি ফুটা হৈ ব্ৰহ্মপুত্ৰ নদীত ডুবি যায়।

ফলত নাও খনত থকা কেঁচা সামগ্ৰী, কাপোৰ, ষ্টেছনাৰী সামগ্ৰী পানীত পৰি নষ্ট হৈ যায়। আনহাতে নাও খনত থকা তিনি জন নাও কৰ্মী কোনোমতে নিজৰ প্ৰাণ ৰক্ষা পৰে। ইতিমধ্যে সুখচৰ আৰক্ষীৰ দল ঘটনাস্থলীত গৈ পৰিস্থিতিৰ বুজ লৈছে।

আৰু পঢ়ক: লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা, ৫০ ফুট দ' নদীত পৰিল ২৬ জনীয়া সেনা ভৰ্তি বাছ

assam mankachar