জুৰিয়াত নাও দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ...

জুৰিয়াত নাও দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে ৰাতিপুৱাই জুৰিয়াত সংঘটিত হয় এক নাও দুৰ্ঘটনা । জুৰিয়াৰ সুঁতিৰপাৰত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হোৱা নাওখনত আছিল বিদ্যালয়লৈ বুলি যাত্ৰা আৰম্ভ কৰা বহু কণ কণ শিক্ষাৰ্থী । সৌভাগ্যক্ৰমে, স্থানীয় ৰাইজৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় দুৰ্ঘটনাত পতিত যাত্ৰী সকলক ।

অভিযোগ অনুসৰি, সৰু নাৱত অত্যাধিক যাত্ৰী কঢ়িয়াই অনাৰ বাবেই সংঘটিত হৈছিল দুৰ্ঘটনাটো । সুঁতিটো অতিক্ৰম কৰি থকা সময়তেই মাজবাটত ডুব গৈছিল নাওখন । স্থানীয় ৰাইজৰ উপস্থিতিৰ বাবেই এক ভয়াৱহ সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল ।

উল্লেখ্য যে, সৰু নাৱত অত্যাধিক যাত্ৰীক বিপদসংকুল ৰূপত কঢ়িয়াই নিয়া অথবা তাৰ পৰিণতিত দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হৈছে । জল পথ যাতায়তৰ ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষাৰ বাবে শাসনাধিষ্ঠ চৰকাৰৰ অৱহেলা আৰু যাত্ৰীৰ সচেতনতাৰ অভাৱে সততে কঢ়িয়াই আনিছে এনে বিপদ । ইয়াৰ ওপৰিও নাৱৰীয়া সকলৰ অত্যাধিক মুনাফা লাভৰ লোভেও সাৰ-পানী যোগাইছে এই ঘটনাত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in