চিৰাঙৰ নাঙলভাঙা নৈত ভয়ংকৰ যাত্ৰীবাহী নাও দুৰ্ঘটনাঃ সাতুৰি সাতুৰি প্ৰাণ ৰক্ষা যাত্ৰীৰ, নৈৰ সোঁতত উটি গ’ল বাহন….

চিৰাঙৰ নাঙলভাঙা নৈত ভয়ংকৰ যাত্ৰীবাহী নাও দুৰ্ঘটনাঃ সাতুৰি সাতুৰি প্ৰাণ ৰক্ষা যাত্ৰীৰ, নৈৰ সোঁতত উটি গ’ল বাহন….

author-image
asomiyapratidin
New Update
চিৰাঙৰ নাঙলভাঙা নৈত ভয়ংকৰ যাত্ৰীবাহী নাও দুৰ্ঘটনাঃ সাতুৰি সাতুৰি প্ৰাণ ৰক্ষা যাত্ৰীৰ, নৈৰ সোঁতত উটি গ’ল বাহন….

ডিজিটেল সংবাদ চিৰাংঃ মঙ্গলবাৰে বিয়লিৰ ভাগত চিৰাঙৰ নাঙলভাঙা নৈৰ বুকুত এখন যাত্ৰীভৰ্তি নাও দুৰ্ঘটনা পতিত হয় । মানিকপুৰ পাৰঘাট পৰা যাত্ৰী লৈ নাঙলভাঙা নৈৰে খয়ৰাবাৰী পাৰঘাটলৈ গৈ থকাৰ সময়তে নৈৰ প্ৰচণ্ড সোঁতত উক্ত নাও দুৰ্ঘটনাগ্ৰস্থ হয় ।

Advertisment

নাও দুৰ্ঘটনাৰ সময়ত নাওখনত প্ৰায় ২৫ গৰাকী যাত্ৰীসহ কেইবাখনো চাইকেল আৰু মটৰচাইকেল আছিল । যাত্ৰী সকলৰ মাজত পুৰুষ, মহিলাৰ উপৰিও আছিল কেইবাটিও শিশু। মাজ নৈত নাও দুৰ্ঘটনা হোৱাৰ পাছতে যাত্ৰীসকলে সাতুৰি সাতুৰি পাৰলৈ আহি প্ৰাণ ৰক্ষা কৰে ।

অৱশ্যে সৌভাগ্য ক্ৰমে ঘটনাত কোনো যাত্ৰীৰ প্ৰাণ হানি নহয়। কিন্তু নাওখনত থকা তিনিখন মটৰচাইকেল পানীৰ সোঁতত উটি যায় । তাৰে দুখন মটৰচাইকেল স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এখন মটৰচাইকেল নাঙলভাঙা নৈৰ সোঁতত উটি যায় ।

উল্লেখ্য যে প্ৰতিবছৰেই বাৰিষাৰ সময়ত নাঙলভাঙা নৈত নাওঁ দুৰ্ঘটনা হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে ।

assam boat accident chirang