/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/630ad3ec-ca87-496f-9558-b1b234ef1dca/blood_group.jpg)
ডিজিটেল সংবাদ,নগাঁও : মানুহ এজন, তেজৰ গ্ৰুপ দুটা ৷ এনে ঘটনা ঘটিছে নগাঁৱত ৷ নগাঁৱৰ এটি পৰীক্ষাগাৰে এজন যুবকৰ দেহত দুটাকৈ তেজৰ গ্ৰুপ পৰীক্ষা কৰি লাভ কৰিছে ৷
নগাঁও চহৰৰ মাজমজিয়াত থকা ডাঃ শৰ্মাচ এক্সৰে ক্লিনিক এণ্ড লেবৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই আজৱ ঘটনা ৷ নগাঁৱৰ পুৰণিগুদামৰ দিবাংকৰ বৰা নামৰ যুবক জনৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা ৷
দিবাংকৰ বৰা নামৰ যুবকজনক তেজ পৰীক্ষাৰ অন্তত এক প্ৰতিবেদনত দিয়া হৈছে A positive হিচাপে ৷ একেটা লেবে একেজন যুবকক আন এক প্ৰতিবেদনত B positive বুলি প্ৰতিবেদন দিছে ৷ দুয়োখন প্ৰতিবেদনত স্বাক্ষৰ কৰিছে ডাঃ অসীম বৰঠাকুৰে ৷ দুটি বছৰৰ ব্যৱদ্ধানত এজন যুবকৰ তেজৰ গ্ৰুপৰ প্ৰতিবেদনত কৰা এই বিসংগতি চিন্তনীয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8ff24cab-9b9e-43c5-941e-305189897ab0/WhatsApp_Image_2022_11_02_at_12_26_21_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/39f6eb77-3bad-481f-9238-158419979079/WhatsApp_Image_2022_11_02_at_12_26_20_PM.jpeg)
স্বাস্থ্য পৰীক্ষাৰ নামত নগাঁৱৰ একাংশ লেবে দীৰ্ঘ দিনে চলাই অহা অৰাজকতা এই ঘটনাই প্ৰতিপন্ন কৰিছে ৷ একাংশ লেবৰ নিজৰ কোনো পেথ’লজিষ্ট নথকাৰ পিছত কেনেকৈ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদন প্ৰদান কৰে ই ৰহস্যজনক ৷ অভিযোগ মতে নগাঁৱত এজন পেথ’লজিষ্টে এদিনত দহ-বাৰটাকৈ লেবত পৰীক্ষাৰ প্ৰতিবেদনত স্বাক্ষৰ কৰে ৷ এনে প্ৰতিবেদনৰ বাবে ৰোগীৰ স্বাস্থ্য উন্নত হোৱাতকৈ অৱনতি হোৱাৰ আশংকাই বেছি ৷