লখিমপুৰত একেদিনাই ৫০ ইউনিট ৰক্ত দান…

লখিমপুৰত একেদিনাই ৫০ ইউনিট ৰক্ত দান…

author-image
asomiyapratidin
New Update
লখিমপুৰত একেদিনাই ৫০ ইউনিট ৰক্ত দান…

ডিজিটেল সংবাদ, লখিমপুৰ: নিতৌ ৰাজ্যৰ চিকিৎসালয় সমূহত শ শ ইউনিট তেজৰ প্ৰয়োজন হয় ৷ এনিমিয়া ,থেলাচেলমিয়া আদি ৰোগীৰ সংখ্যা নিতৌ বৃদ্ধি হৈছে ৷ পিছে ৰক্ত দাতা সংখ্যা বৃদ্ধি হোৱা নাই ৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এমাহত ছয় শ ইউনিট তেজৰ প্ৰয়োজন হয় ৰোগীৰ বাবে ৷ পিছে ৰোগীৰ প্ৰয়োজন অনুপাতে তেজৰ যোগান কম হোৱাত আন চিকিৎসা মহাবিদ্যালয়লৈ ৰোগীক প্ৰেৰণ কৰা হয় ৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰৰ প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা নাৰ্চিং হোমে ৰক্তদানৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ দিয়ে ৷

Advertisment

সেই অনুসৰি অৱনীশ হাস্পতালৰ উদ্যোগত মঙলবাৰে এক ৰক্তদান শিবিৰ আয়োজন কৰা হয় ৷ তদুপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰে বিধায়ক উপায়ুক্ত কে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে। লখিমপুৰ নগৰৰ চাবতি সংযোগী পথত থকা অৱনীশ হস্পিটেলৰ উদ্যোগত আৰু টীম হিউমিনিটিৰ সহযোগত উক্ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠান টোত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন, বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, লখিমপুৰ মেডিকেল কলেজ ৰ ব্লাড বেংকৰ বিষয়া ডাঃ বিকাশ সিং, পিউজা পেগু, আদিয়ে অংশগ্রহণ কৰে। অনুষ্ঠানটোৰ আত ধৰে অৱনীশ হস্পিটেলৰ স্বত্বাধিকাৰী ডাঃ অৰূপ দত্তই।

অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি সকলে ৰক্তদান ৰ মহত্ব ৰ কথা উল্লেখ কৰি ৰক্তদান কৰা সকল চিৰ নমস্য বুলি অভিহিত কৰে। মানৱ জীৱন দায়িনী প্ৰায় বোৰ বস্তৰে আবিস্কাৰ হ'ল যদিও ৰক্তৰ আবিষ্কাৰ আজি ও সম্ভব হোৱা নাই। মানৱ শৰীৰেই এটিয়াও ৰক্ত উৎপাদক মেচিন হৈয়েই আছে। সেয়ে ৰক্তদান কৰা সকলৰ মহানুভবতা নমস্যৰ যোগ্য।

চাহিদাৰ বিপৰীতে ৰক্তৰ যোগান বহু কম বুলি উল্লেখ কৰি তেওঁ লোকে ৰক্তদান ৰ বাবে সমৰ্থ ব্যক্তি ক উৎসাহিত কৰাৰ লগতে এই ক্ষেত্ৰত সজাগতা অনাৰো পোষকতা কৰে। এই ৰক্তদান শিবিৰত একেদিনাই ৫০ ইউনিট ৰক্ত আহৰণ কৰা হয় ৷

আৰু পঢ়ক: ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ

assam lakhimpur blood