সেৱা পষেকৰ লগত সংগতি ৰাখি বটদ্রৱাত ৰক্তদান শিবিৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে অনুষ্ঠিত সেৱা পষেক

author-image
Asomiya Pratidin
New Update
সেৱা পষেকৰ লগত সংগতি ৰাখি বটদ্রৱাত ৰক্তদান শিবিৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "ৰক্তদান মহান দান, ৰক্তদান জীৱন দান" এই বাক্য সৰোগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বটদ্রৱাত অনুষ্ঠিত হৈছে ৰক্তদান শিবিৰ। সমগ্র দেশজুৰি ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ পালন কৰা হৈছে সেৱা পষেক। এই সেৱা পষেকৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত অনুষ্ঠিত হৈছে এই ৰক্তদান শিবিৰ।

সেৱাই সংগঠন, এই উদেশ্যে অনুষ্ঠিত ৰক্তদান মহোৎসৱ অংশ গ্ৰহণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৯৩ গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰি সেৱা ধৰ্ম পালন কৰে।গড়কাপ্তানি বিভাগৰ বটদ্ৰৱাৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত এই ৰক্তদান শিবিৰত কলিয়াবৰ জিলা যুৱ মৰ্চাৰ সভাপতি পৱিত্ৰ ওজা, লক্ষী ৰঞ্জন কাকতি, চন্দ্ৰামিকা কলিতা, নিতুল বৰুৱা, অনুজ বৰুৱা, দুৰ্লভ বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

assam batadrava BLOOD DONATION CAMP