অংকুৰণ ৱেলফেয়াৰ এছোচিয়েচনৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন

অংকুৰন ৱেলফেয়াৰ এছোচিয়েচন ৰ উদ্যোগত ৩০ অক্টোবৰ ২০২২ দেওবাৰে এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
অংকুৰণ ৱেলফেয়াৰ এছোচিয়েচনৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন

ডিজিটেল ডেস্ক : অংকুৰন ৱেলফেয়াৰ এছোচিয়েচন ৰ উদ্যোগত ৩০ অক্টোবৰ ২০২২ দেওবাৰে এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। গনেশগুৰি উৰণীয়া সেঁতুৰ সমীপত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত বিগত বছৰবোৰৰ দৰে এইবাৰো "মানুহে মানুহৰ বাবে" ৰ্শীষক এক ৰক্তদান শিবিৰ আয়োজন কৰা হয় ।

২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত অমানুষিক আৰু নৃশংস ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতসকলৰ সোঁৱৰণত বিগত ৫ বছৰ ধৰি এই শিবিৰৰ আয়োজন কৰি অহা হৈছে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰক্তপাতৰ বিপৰীতে ৰক্তদানেৰে যুঁজ দিয়াৰ মহৎ উদ্দেশ্য আগত ৰাখি সংস্থাটোৱে এই শিবিৰৰ আয়োজন কৰি আহিছে । এই শিবিৰত প্ৰায় ৩০ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে । অংকুৰন ৱেলফেয়াৰ এছোচিয়েচনৰ এই প্ৰচেষ্টাত HDFC বেংকেও সহযোগ কৰে ।

assam guwahati