/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3b307428-984e-4450-a996-814c28745b8c/blood1.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সাম্প্ৰতিক অৱক্ষয়ী যান্ত্রিকতাপূৰ্ণ সমাজ ব্যৱস্থাত মানৱীয় প্ৰমূল্যবোধ দিনক দিনে অৱনমিত হোৱা পৰিলক্ষিত হৈছে। এনে প্ৰেক্ষাপটত মানৱতাৰ জয়গান গোৱাৰ লক্ষ্যৰে শুক্ৰবাৰে ঘিলামৰাত অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/048a7f8a-1452-4171-8617-50cbdef87e5a/e7551ea0_af5c_4607_ad0a_9544615232b5.jpg)
প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ঘিলামৰা আঞ্চলিক সমিতিৰ উদ্যোগত, ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু লখিমপুৰ জিলা টিম হিউমিনিটিৰ সহযোগত ঘিলামৰাত এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । ঘিলামৰা সামুহিক চিকিৎসালয় প্ৰাংগণত শুক্ৰবাৰে দুপৰীয়া অনুষ্ঠিত হোৱা এই সন্দৰ্ভত সভাত উপস্থিত থাকি শিবিৰৰ শুভ উদ্বোধন কৰে ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c7f8aa3c-5ade-434c-8357-76c540b846c0/6936b175_0f53_43fe_8908_718dba3ec85b.jpg)
ৰক্তদান শিবিৰৰ প্ৰয়োজনীয়তা আৰু এই মহান দানৰ সতে জড়িত হোৱা সমাজ দায়বদ্ধ ৰাইজৰ এনে পদক্ষেপৰ শলাগ লয়। শিবিৰৰ উদ্যোক্তা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ঘিলামৰাৰ উপ সভাপতি ভূপেন ভঁৰালী, সভাপতি অকণ গোঁহাই সম্পাদক তুলসী গগৈ ,উপদেষ্টা সঞ্জীৱ গগৈ , ওম প্ৰকাশ বৰগোঁহাই, দীপক দত্ত, ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাস,ঘিলামৰা সামূহিক চিকিৎসালয়ৰ চিকিৎসক মুন্ত্রী ফুকন, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক শশাংক শেখৰ , চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সমন্বয়ক চম্পক বৰুৱা, চিকিৎসা ও স্বাস্থ্য কৰ্মী কল্যান গগৈ,বিনু গগৈ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/50479a90-71bd-477f-bad3-f1ac3505b746/952d4ed7_2f33_43a5_98bf_1b347565869f.jpg)
উদ্বোধনী সভাত ৰক্তদানৰ উপকাৰিতা,প্ৰয়োজনীয়তা আৰু সুফল সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই চিকিৎসক মুন্ত্রী ফুকনে । ডাঃ ফুকনে ৰক্তদানক মানৱ সমাজৰ এক নৈতিক কৰ্তব্য বুলি কৈ এই মহান অভিযানৰ অংশীদাৰী হোৱাৰ বাবে সমাজৰ সকলো শ্ৰেণীকে উদ্বুদ্ধ হ'বলৈ উল্লেখ কৰাৰ লগতে এই সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c24f4294-aae3-4983-ac92-dc5fec2a54d0/ade91d0b_fbd8_4f6a_88e5_1a8005c3e832.jpg)
সভাত চিকিৎসক শশাংক শেখৰ, লখিমপুৰ জিলা টিম হিউমিনিটিৰ কৰ্মকর্তা সঞ্জীৱ লাহনে বক্তব্য আগবঢ়াই নিজে ইতিপূর্বে ৩৮ বাৰ ৰক্তদান কৰি আৰ্জিত মানসিক প্ৰশান্তি আৰু মানৱ সেৱা আগবঢ়াই গৌৰান্বিত হোৱা বুলি মন্তব্য কৰে। তেওঁ স্বেচ্ছাই ৰক্তদান কৰাৰ বাবে সমাজৰ প্ৰতি স্তৰৰ নাগৰিকৰ প্ৰতি আহ্বান জনায়।
শিবিৰত ঘিলামৰাৰ দুপৰীয়া পৰ্যন্ত মুঠ ৩০ গৰাকী ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰে । শিবিৰৰ আয়োজক প্ৰাক্তন আলফা ঐক্য মঞ্চই সততে প্ৰাক্তন আলফাৰ ওপৰত থকা নাগৰিকৰ বিৰূপ ধাৰণাৰ বিপৰীতে এনে জনকল্যানকামী পদক্ষেপ নিশ্চিতভাৱে অনুকৰণীয় হিচাবে পৰিগণিত হৈছে বুলি উল্লেখ কৰে।
Also Read: বিজেপি মণিপুৰলৈ যাব পাৰে,বিৰোধী কিয় যাব নোৱাৰে ? : মল্লিকাৰ্জুন খাৰ্গে