লখিমপুৰ একেদিনাই ৫০ ইউনিট ৰক্ত দান : অৱনীশ হাস্পতালৰ ব্যতিক্ৰমী পদক্ষেপ…

লখিমপুৰ একেদিনাই ৫০ ইউনিট ৰক্ত দান : অৱনীশ হাস্পতালৰ ব্যতিক্ৰমী পদক্ষেপ…

author-image
asomiyapratidin
New Update
লখিমপুৰ একেদিনাই ৫০ ইউনিট ৰক্ত দান : অৱনীশ হাস্পতালৰ ব্যতিক্ৰমী পদক্ষেপ…

ডিজিটেল সংবাদ লখিমপুৰঃ নিতৌ ৰাজ্যৰ চিকিৎসালয় সমূহত শ শ ইউনিট তেজৰ প্ৰয়োজন হয় ৷ এনিমিয়া ,থেলাচেলমিয়া আদি ৰোগীৰ সংখ্যা নিতৌ বৃদ্ধি হৈছে ৷ পিছে ৰক্ত দাতাৰ সংখ্যা বৃদ্ধি হোৱা নাই ৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এমাহত ৬০০ ইউনিট তেজৰ প্ৰয়োজন হয় ৰোগীৰ বাবে ৷

পিছে ৰোগীৰ প্ৰয়োজন অনুপাতে তেজৰ যোগান কম হোৱাত আন চিকিৎসা মহাবিদ্যালয়লৈ ৰোগীক প্ৰেৰণ কৰা হয় ৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰৰ প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা নাৰ্চিং হোমে ৰক্তদানৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ দিয়ে ৷

সেই অনুসৰি অৱনীশ হাস্পতালৰ উদ্যোগত মংগলবাৰে এক ৰক্তদান শিবিৰ আয়োজন কৰা হয় ৷ তদুপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰে বিধায়ক উপায়ুক্তকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে। লখিমপুৰ নগৰৰ চাবতি সংযোগী পথত থকা অৱনীশ হাস্পতালৰ উদ্যোগত আৰু টীম হিউমিনিটিৰ সহযোগত উক্ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানটোত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন, বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, লখিমপুৰ মেডিকেল কলেজৰ ব্লাড বেংকৰ বিষয়া ডাঃ বিকাশ সিং, পিউজা পেগু, আদিয়ে অংশগ্রহণ কৰে। অনুষ্ঠানটোৰ আত ধৰে অৱনীশ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ অৰূপ দত্তই।

অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলে ৰক্তদানৰ মহত্বৰ কথা উল্লেখ কৰি ৰক্তদান কৰাসকল চিৰ নমস্য বুলি অভিহিত কৰে। মানৱ জীৱন দায়িনী প্ৰায়বোৰ বস্তৰে আবিস্কাৰ হ'ল যদিও ৰক্তৰ আবিষ্কাৰ আজিও সম্ভব হোৱা নাই। মানৱ শৰীৰেই এটিয়াও ৰক্ত উৎপাদক মেচিন হৈয়েই আছে।

সেয়ে ৰক্তদান কৰাসকলৰ মহানুভবতা নমস্যৰ যোগ্য। চাহিদাৰ বিপৰীতে ৰক্তৰ যোগান বহু কম বুলি উল্লেখ কৰি তেওঁলোকে ৰক্তদানৰ বাবে সমৰ্থ ব্যক্তিক উৎসাহিত কৰাৰ লগতে এই ক্ষেত্ৰত সজাগতা অনাৰো পোষকতা কৰে। এই ৰক্তদান শিবিৰত একেদিনাই ৫০ ইউনিট ৰক্ত আহৰণ কৰা হয় ৷