সাংসদ দিলীপ শইকীয়াই শুভাৰম্ভণি কৰিলে ব্লাড বেংকৰ অত্যাধুনিক মেচিনৰ…

সাংসদ দিলীপ শইকীয়াই শুভাৰম্ভণি কৰিলে ব্লাড বেংকৰ অত্যাধুনিক মেচিনৰ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ,মঙলদৈঃ ৰাজ্যৰ নলবাৰী, নগাঁও, লক্ষীমপুৰৰ পাছত মঙলদৈতো ব্লাড বেংকত ভালেকেইটা অত্যাধুনিক মেচিনৰ শুভাৰম্ভণি কৰা হয়। শনিবাৰে শুভাৰম্ভণি কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই।

Advertisment

নলবাৰী, নগাঁও, লক্ষীমপুৰ আৰু দৰং জিলাত এতিয়াৰে পৰা ৰক্ত ভৰাঁলত ৰক্ত পৃথকীকৰণৰ অত্যাধুনিক কোষ স্থাপন কৰা হয়। এই ৰক্ত পৃথকীকৰণৰ দ্বাৰা বিভিন্ন ৰোগৰ উন্নত চিকিৎসা সম্ভৱ হ'ব।

ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভৰাঁলে জিলা খনৰ লগতে চুবুৰীয়া জিলাৰো ৰোগীক উপকৃত কৰি আহিছে ,এতিয়াৰে পৰা এই ৰক্ত পৃথকীকৰণ পদ্ধতিয়ে ৰোগীক উপকৃত কৰিব বুলি সংসদ দিলীপ শইকীয়াই আশা প্ৰকাশ কৰে।

আৰু পঢ়কঃ কাকপথাৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী…

assam govt keshab mahanta hbs mangaldai dilip saikia health dept