Advertisment

সোণাৰিত আদালত চৌহদত বিস্ফোৰণঃ এজন আহত...

আজি দিনৰ প্ৰায় ১:৪৫ বজাত চৰাইদেউ ন্যায়িক আদালতৰ চৌহদত হোৱা এক বিস্ফোৰণত সমগ্ৰ অঞ্চলটো জোকাৰি যায়। নিচান দাস নামৰ উকীল সংস্থাত কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী অহাত হৈছে ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সোণাৰিত আদালত চৌহদত বিস্ফোৰণঃ এজন আহত...

ডিজিটেল ডেস্কঃ আজি দিনৰ প্ৰায় ১:৪৫ বজাত চৰাইদেউ ন্যায়িক আদালতৰ চৌহদত হোৱা এটা প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটোৰ ৰাইজক হতভম্ব আৰু ত্ৰাসিত কৰি তোলে । আদালতৰ কিছুমান অপ্ৰয়োজনীয় কাগজ-পত্ৰ আৰু অন্যান্য বস্তু আদালতত নিয়োজিত পুলিচ বিষয়াই জ্বলাই থকাৰ অৱস্থাত প্ৰচণ্ড শব্দই গোটেই অঞ্চলটো কঁপাই তোলে।  

Advertisment

ৰহস্যজনক ভাৱে কি শব্দই গোটেই অঞ্চলটো কঁপাই তুলিলে এতিয়ালৈকে অনুমান কৰিব পৰা হোৱা নাই। উক্ত শব্দ হোৱা স্থানত বহুত সংখ্যক ঠাইৰ ঘাঁহ-বন জ্বলি চাই হৈ যায় ।

উপস্থিত ৰাইজে জুই জ্বলোৱা ঠাইত কোনো বিস্ফোৰক সামগ্ৰী থকা বুলি সন্দেহ কৰিছে। ঘটনাটোত নিচান দাস নামৰ উকীল সংস্থাত কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী অহাত হৈছে ।

আহত ব্যক্তিজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ প্ৰায় আধা ঘণ্টাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

ইয়াৰ পিছতে সোণাৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে। 

বিস্ফোৰণ সোণাৰি