কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু সচেতন ব্যক্তিৰ সহযোগত অনাথ ছাত্ৰ-ছাত্ৰীৰ মাজত কম্বল বিতৰণ

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু সচেতন ব্যক্তিৰ সহযোগত অনাথ ছাত্ৰ-ছাত্ৰীৰ মাজত কম্বল বিতৰণ

ডিজিটেল সংবাদ ,কামপুৰ: দেওবাৰে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ কাৰ্যালয়ত শতাধিক অনাথ ছাত্ৰ-ছাত্ৰীক লৈ এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷ ছইদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক আব্দুল মালেকে ৷

অনাথ শিশুৰ দ্বাৰা কোৰআন পাঠৰ পিছতেই "অনাত শিশু তথা অনাথ ছাত্ৰ-ছাত্ৰী আৰু আমাৰ মহানুভতা কেনে হোৱা উচিত " এই শিৰোনামাৰ ওপৰত বহলভাৱে আলোকপাত কৰে শিক্ষক তথা চিআৰচিচি মতিউৰ ৰহমান , সমাজ সেৱক জহুৰ আলী , শিক্ষাবিদ আব্দুৰ ৰহিম , বাহাৰুল ইছলাম , ফাৰুক হুছেইন , উদীয়মান যুৱক মজিবুৰ ৰহমানকে আদিকৰি বহু সচেতন লোকে ৷

আজিৰ সভাত উপস্থিত থকা অনাথ শিশু সকলক ঠাণ্ডাক ৰুধিবলৈ কম্বল বিতৰণ কৰে। " আমি তোমালোৰ লগত আছো , সদায় থাকিম , তোমালোকে নিজৰ জীৱন গঢ়াত ব্ৰতি হোৱা " বুলি উল্লেখ কৰি অতি শীঘ্ৰেই 'অৰফেন চচাইটি' গঠন কৰি অৱহেলিত আৰু পিতৃ-মাতৃ হীন শিশুৰ উন্নয়ণত সকলো পদক্ষেপ ল'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শিক্ষক আব্দুৰ ৰহিমে ৷

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু সচেতন ব্যক্তিৰ সহযোগত অনাথ ছাত্ৰ-ছাত্ৰীৰ মাজত কম্বল বিতৰণ
হেমকোষৰ পঞ্চাদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ উন্মোচন ১০ ডিচেম্বৰত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in