/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/358afe1a-89eb-4072-b135-85626564ef43/AP FOR WEB 11111.png)
ডিজিটেল ডেস্ক : ৰাজ্যত ৰাজ সাহাৰ্যযুক্ত সাৰৰ ক’লা বজাৰ। মেঘালয়ৰ মাজেৰে বাংলাদেশ-ম্যানমাৰলৈ সাৰ কঢ়িওৱা ট্ৰাক জব্দ কৰাৰ পাছতে পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য।
পোহৰলৈ অহা তথ্য অনুসৰি নগাঁৱৰ 'বৰা ফাৰ্টিলাইজৰ ষ্ট’ৰ'ৰ পৰা চলি আহিছে সাৰৰ ক’লা ব্যৱসায়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১০ জুলাইৰ দিনা জাগীৰোড আৰক্ষীয়ে জব্দ কৰিছিল ১৩.৫ মেট্ৰিক টন ৰাজ সাহাৰ্যযুক্ত সাৰ। যি সাৰ অসমৰ মাজেৰে বাংলাদেশলৈ যোৱাৰ পথত আৰক্ষীয়ে জব্দ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e3ec01e6-7c1a-4217-bd0d-ca9efafdbe4b/795f5b65-b639-4d79-be31-a6e09520df87.jpg)
এই সন্দৰ্ভত চলোৱা তদন্তত পোহৰলৈ আহে নগাঁৱৰ বৰা ফাৰ্টিলাইজাৰ ষ্ট’ৰৰ স্বাত্বাধিকাৰী বিভূতি ভূষণ বৰাই ভুৱা চালানেৰে চলাই আহিছিল ৰাজ সাহাৰ্যযুক্ত সাৰৰ ক’লা ব্যৱসায়। মঙলবাৰে নিশা জাগীৰোড আৰক্ষীয়ে বিভূতি ভূষণ বৰাক বিচাৰি দোকান আৰু গুদামত চলাইছিল অভিযান।
এই অভিযানত আৰক্ষীয়ে জব্দ কৰে ২৮.৬৬ মেট্ৰিক টন সাৰৰ ৬৩৭টা বস্তা। আনহাতে আৰক্ষীৰ অভিযানৰ পিছতে কৃষি বিভাগৰ এটা দলে অভিযান চলাই বৰা ফাৰ্টিলাইজাৰ ষ্ট’ৰ আৰু গুদামত। কিন্তু লক্ষ্যণীয়ভাৱে বৰ্তমানলৈকে কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ব্যৱসায়ী তথা স্বত্বাধিকাৰী বিভূতি ভূষণ বৰাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ca5df69f-2076-48e3-93b7-7d5ba91ddf00/2ced8153-8021-457a-a6f1-3518194cd114.jpg)
উল্লেখযোগ্য যে মৰিগাঁও আৰক্ষীয়ে জব্দ কৰা সাৰখিনি প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰ পৰিযোজনাৰ অধীনত কৃষকক কম মূল্যত সাৰ যোগানৰ বাবে আৱণ্টিত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সাৰৰ ক’লা ব্যৱসায়ৰ লগত জড়িত কেইবাজনো ব্যৱসায়ীৰ তথ্য।
Also Read: অসমৰ সাৰ পায়গৈ বাংলাদেশ-ম্যানমাৰ