সোণাৰি সমষ্টিত বিজেপিৰ সাংগঠনিক সভা

সোণাৰি সমষ্টিত বিজেপিৰ সাংগঠনিক সভা

ডিজিটেল সংবাদ,চৰাইদেউঃ যোৰহাটৰ লাচিত মৈদামত জাতীয় গৌৰৱ বীৰ লাচিত বৰফুকনৰ ১৫০ ফুট সুউচ্চ প্ৰতিমূৰ্তি সাজু হৈ উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰিব লগতে এখন জনসভা সম্বোধন কৰিব।

উক্ত জনসভাত জনসমাগম বৃদ্ধিৰ লক্ষ্যৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে সতীৰ্থ বিধায়ক তথা পলাশবাৰী সমষ্টিৰ হেমাংগ ঠাকুৰীয়াক লগত লৈ মণ্ডলে মণ্ডলে সভা সমিতি অনুষ্ঠিত কৰে। প্ৰথমে সোণাৰি মণ্ডলৰ কাৰ্যালয়, দ্বিতীয়তে সাপেখাতী মণ্ডলৰ কাৰ্যালয় তাৰপিছত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহত অনুষ্ঠিত বৰহাট মণ্ডল, সোণাৰি মণ্ডল আৰু সাপেখাতী মণ্ডল সমিতিৰ প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে।

উক্ত সভাত অসম ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি দুলেন নায়ক,ৰাজ্যিক সদস্য বিভূতী বৰঠাকুৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা,আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ,মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈ , সোণাৰি মণ্ডলৰ সভাপতি অভিজিত চেলেং,সাপেখাতী মণ্ডলৰ সভাপতি জয়ন্ত বৰুৱা,যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিশ কোঁৱৰ, সভাপতি ৰুপম গগৈ, সংবাদ মাধ্যমৰ আহ্বায়ক বিজয় গগৈৰ উপস্থিত থকাৰ উপৰি বুথ সভাপতিসকল উপস্থিত থাকে।

সোণাৰি সমষ্টিত বিজেপিৰ সাংগঠনিক সভা
মহাশিৱৰাত্ৰি উপলক্ষে চিলাপথাৰত কথা মহাপুৰাণ কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in