নামৰূপত বিজেপিৰ বিশাল যুৱ সন্মিলন...

নামৰূপত বিজেপিৰ  বিশাল যুৱ সন্মিলন...

ডিজিটেল সংবাদ, নামৰূপঃ ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ উদ্যোগত নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিওটা যুৱ মৰ্চা (নাহৰকটীয়া,জয়পুৰ, নাহৰণি ) মণ্ডলৰ সহযোগত সোমবাৰে নামৰূপ চাহ বাগানৰ খেলপথাৰত বিশাল যুৱ সন্মিলন অনুষ্ঠিত হয়।

উক্ত সন্মিলনত ৰাজ্য সভাৰ সাংসদ তথা অসমৰ মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ভাৰতীয় জনতা পার্টি ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ উপ-সভাপতি জিতুল সোণোৱাল, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা উপস্থিত থাকে।

লগতে ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ সভাপতি বিদ্যুৎ গগৈ, অসম পেট্ৰ'-কেমিকেলচ লিমিটডৰ উপাধ্যক্ষ হেমন্ত গগৈ, নিৰ্বাচন প্ৰবন্ধন সমিতি ডিব্ৰুগড় লোকসভা সমষ্টিৰ আহ্বায়ক অসীম হাজৰিকা, নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া ,আৰু জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা প্ৰমুখ্যে কৰি তিনিওটা মণ্ডলৰে জেষ্ঠ্য বিষয়ববীয়া-কাৰ্য্যকৰ্তাসকল আৰু যুৱক যুৱতীসকলে অংশগ্রহণ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি স্বতস্ফুত সঁ‌হাৰি জনাই যুৱ সন্মিলনখনত সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰায় তিনি হেজাৰোধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।

সভাত বিধায়ক তৰংগ গগৈয়ে ভাষণ প্ৰসংগত কয় যে ভাৰতীয় জনতা পাৰ্টি আৰু ডিব্ৰুগড় লোকসভাৰ মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে যুৱ সমাজৰ আস্থা আৰু বিশ্বাস পৰিস্ফুট কৰিব পাৰিছে লগতে তেওঁ সকলো লৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

বিশিষ্ট অতিথি পবিত্ৰ মাৰ্ঘেৰিটাই সভাত কয় যে যুৱ শক্তি অসমীয়াৰ আধাৰ বুলি মন্তব্য কৰে। ডিব্ৰুগড়ৰ যুৱ শক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰীৰ আৰু ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক সদায় সমৰ্থন কৰে বুলি মন্তব্য কৰে।

নামৰূপত বিজেপিৰ  বিশাল যুৱ সন্মিলন...
অসমৰ জনজীৱনত কোচ-ৰাজবংশীৰ যথেষ্ট অৰিহণা আছেঃ জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in