
ডিজিটেল ডেস্কঃ টিহুৰ গোৱৰাদলত সন্ধানহীন হোৱা বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ। সন্ধানহীন নেতাজনৰ নাম আছিল কন্দৰ্প বৰ্মন। মৰাপাগলাদিয়া নৈৰ পাৰত উদ্ধাৰ কৰা হয় কন্দৰ্প বৰ্মনৰ মৃতদেহ। এই ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
আনহাতে মৃতদেহৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হোৱাত হত্যাৰ সন্দেহ একাংশৰ। শনিবাৰে নৈখনৰ পাৰত উদ্ধাৰ হৈছিল কন্দৰ্প বৰ্মনৰ ৱেগনাৰ বাহনখন। তাৰ পাছতেই মৃহদেহৰ সন্ধানত নামি পৰিছিল আৰক্ষী। ঘটনাৰ সন্দৰ্ভত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।