কাৰ্বি আংলঙৰ ২৬ টা সমষ্টিয়েই বিজেপিৰ দখলত, তুলিৰামেই হ’ব মুখ্য কাৰ্যবাহী সদস্য…

কাৰ্বি আংলঙৰ ২৬ টা সমষ্টিয়েই বিজেপিৰ দখলত, তুলিৰামেই হ’ব মুখ্য কাৰ্যবাহী সদস্য…

author-image
asomiyapratidin
New Update
কাৰ্বি আংলঙৰ ২৬ টা সমষ্টিয়েই বিজেপিৰ দখলত, তুলিৰামেই হ’ব  মুখ্য কাৰ্যবাহী সদস্য…

ডিজিটেল ডেস্ক: আজি ঘোষণা হয় কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ফলাফল। ৭ বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি কাৰ্বি আংলঙত পুনৰ বিজেপিয়ে বৃহৎ জয় লাভ কৰে।

Advertisment

কাৰ্বি আংলঙৰ ২৬ টা সমষ্টিতেই বিজেপিয়ে প্ৰতিদ্বন্বিতা আগবঢ়াইছিল আৰু আটাইকেইটা সমষ্টিতেই বিজেপিয়ে  জয় লাভ কৰে। উল্লেখ্য যে, কাৰ্বি আংলঙৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাম্বাজোং সমষ্টিৰ পৰা আহোতেই এই সন্দৰ্ভত কথা বতৰা পাতিছিল আৰু বহুতেই সমৰ্থন কৰিছিল। বৰ্তমানেও তুলিৰাম ৰংহাঙে একেই দায়িত্ব পালন কৰি আছে। তদুপৰি একাংশৰ মতে কাৰ্বি আংলঙত বিজেপিৰ জয়ত তুলিৰামে বিশেষ ভূমিকা পালন কৰিছে।

দুৱাৰ আমলা সমষ্টিত বিজেপিৰ প্রভাত চন্দ্র টেৰণৰ জয়লাভ ।৯৮৭ টা ভোটত জয়ী বিজেপিৰ প্রভাত চন্দ্র টেৰণৰ।

আমৰি সমষ্টিত বিজেপি প্রাৰ্থী ডি. উফিং মাছলাইৰ জয়লাভ।৯১৮ টা ভোটত জয়লাভ বিজেপি প্রাৰ্থী ডি. উফিং মাছলাইৰ।

চিনঠং সমষ্টিত বিজেপি প্রাৰ্থী অভিজিৎ ক্র'ৰৰ জয়লাভ।২,০৬৪টা ভোটত জয়লাভ বিজেপি প্রাৰ্থী অভিজিৎ ক্র'ৰ ।

ছ'চেং সমষ্টিত বিজেপি প্রাৰ্থী হেডছিং ৰংফাৰৰ জয়লাভ ।১৫৫৬টা ভোটৰ ব্যৱধানত পৰাস্ত ASDC ৰামছিং টেৰাঙক।

ৰংখাং সমষ্টিত বিজেপি প্রাৰ্থী লংবিছন বে'ৰ জয়লাভ।কংগ্রেছ প্রাৰ্থীজনতকৈ ২৫৫৫ টা ভোটৰ ব্যৱধানত জয়লাভ।

মহামায়া সমষ্টিত বিজেপি প্রাৰ্থী লুনছিং টেৰণৰ জয়লাভ।৪,৪১৫টা ভোটৰ ব্যৱধানত লুনছিং টেৰণৰ জয়লাভ।

ন-মাটি সমষ্টিত বিজেপি প্রাৰ্থী ৰিতেশ ইংহিৰ জয়লাভ।৩,৩৬৫ টা ভোটত কংগ্রেছৰ অশোক টেৰণক পৰাজয় ইংহিৰ।

ছ'চেং ধেণ্টা সমষ্টিত বিজেপি প্রাৰ্থী কাচে ৰংপিপীৰ জয়লাভ।নিকটতম প্রতিদ্বন্দ্বী নিৰ্দলীয় প্রাৰ্থীক ২০৭৮টা ভোটত পৰাজিত।

লুম্বাজঙত বিজেপি প্রাৰ্থী জনি তিমুঙৰ জয়লাভ। বিথুং ৰংথেমা সমষ্টিত বিজেপি প্রাৰ্থী তুলিৰাম ৰংহাঙৰ জয়লাভ।

কপিলী সমষ্টিত বিজেপি প্রাৰ্থী পৱন কুমাৰৰ জয়লাভ ।হামৰেণ সমষ্টিত বিজেপি প্রাৰ্থী মংগলছিং তিমুঙৰ জয়লাভ।

হাওৰাঘাট সমষ্টিত বিজেপি প্রাৰ্থী অজিত কুমাৰ দে'ৰ জয়ী ।আমৰেং সমষ্টিত বিজেপি প্রাৰ্থী ৰীণা তেৰাংপীৰ জয়লাভ।

সিংহাসন সমষ্টিত বিজেপি প্রাৰ্থী অমৰছিং টিছুৰ জয়লাভ।

বৰজান সমষ্টিত বিজেপি প্রাৰ্থী সূৰ্য ৰংফাৰৰ জয়লাভ। সৰুপথাৰ সমষ্টিত বিজেপিৰ প্রাৰ্থী কাদম টেৰাংপীৰ জয়লাভ।

বোকাজান সমষ্টিত বিজেপি প্রাৰ্থী মাধুৰ্য ঢেকিয়ালফুকনৰ জয়লাভ। নিকটতম প্রতিদ্বন্দ্বী AAPৰ প্রাৰ্থীগৰাকীক ৫৭০০টা ভোটত পৰাজিত

দেওপানী সমষ্টিত বিজেপি প্রাৰ্থী শ্রৱণ তেলেংগা জয়লাভ।ফুলনী সমষ্টিত বিজেপি প্রাৰ্থী কাংবুৰা কিলিঙৰ জয়লাভ।

লংফাৰ সমষ্টিত বিজেপি প্রাৰ্থী মধুৰাম লেকথেৰ জয়লাভ।লাংহিন সমষ্টিত বিজেপিৰ বিলমোহন খাখলাৰীৰ জয়লাভ।

কৰকান্থি সমষ্টিত বিজেপি প্রাৰ্থী ৰাজু তিছ'ৰ জয়লাভ। নিলিপ সমষ্টিত বিজেপি প্রাৰ্থী পবিত্র ৰংপীৰ জয়লাভ ।দুৱাৰ বাগৰি সমষ্টিত বিজেপি প্রাৰ্থী ৰিচাৰ্ড টকবীৰ জয়লাভ।

উল্লেখ্য যে, এই নিৰ্বাচনত বিৰোধী দল সমূহৰ শোচনীয় অৱস্থা হোৱা পৰিলক্ষিত হয়। কংগ্ৰেছ, আপকে ধৰি প্ৰতিটো ৰাজনৈতিক দলেই ভাল প্ৰতিদ্বন্দ্বিতা প্ৰদৰ্শন কৰিব নোৱৰিলে।

৮ জুনত অনুষ্ঠিত হৈছিল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। এই সময়ত নিৰ্বাচনত বহু হিংসাত্মক কাৰ্যকালাপ সংঘটিত হোৱা পৰিলক্ষিত হয় যাৰ বাবে এটা সমষ্টিত দ্বিতীয় বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে যদিও নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী।

আৰু পঢ়ক: নপুৰ শৰ্মা, ওৱেচীক এই বিয়ালৈ মাতিব লাগিছিল…

assam aap bjp election karbi anglong congress