হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন…

হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন…

author-image
asomiyapratidin
New Update
হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন…

ডিজিটেল ডেস্ক : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে। ভক্তি ৰসত বিলীন হৈছে মানুহৰ মন। ব্যতিক্ৰম নহয় বিজেপিৰ নেতাসকলো। অসম ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ কাৰ্যালয়ত পালন কৰা হয় শংকৰদেৱৰ তিৰোভাৱ তিথি।

Advertisment

মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু বিজেপিৰ সদস্যসকলেও এই অনুষ্ঠানত ভাগ লয়। উল্লেখ্য যে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। সত্ৰনগৰী মাজুলী, ঢেকীয়াখোৱা বৰনামঘৰ, বৰপেটা, বৰদোৱাত পালন কৰা হৈছে গুৰুজনাৰ পবিত্ৰ তিথি।

assam guwahati himanta biswa sarma bjp