ধেমাজিৰ গোগামুখত বিজেপিৰ অনুসূচীত মৰ্চাৰ উদ্যোগত ৰথ যাত্ৰা শুভাৰম্ভণি অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ গোগামুখত বিজেপিৰ  অনুসূচীত মৰ্চাৰ উদ্যোগত  ৰথ যাত্ৰা শুভাৰম্ভণি অনুষ্ঠান...

ডিজিটেল সংবাদ ,ধেমাজি : কংগ্ৰেছৰ ভাৰত জোড়ো অভিযানক প্ৰত্যাহ্বান জনাই অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিয়ে আৰম্ভ কৰিছে ৰথ যাত্ৰা ৷ বুধবাৰে ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰৰ অন্তৰ্গত দুই নং সোনাপুৰ গাওঁৰ দূৰ্গা মন্দিৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অনূসূচীত মৰ্চাৰ গাওঁ সম্পৰ্ক ৰক্ষা অভিযানে ৷

Advertisment

ৰাজ্যজুৰি ৬ খন ৰথত ৩২০০ খন অনুসূচীত গাঁৱত চলিব এই অভিযান ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৱা ১৭ চেপ্টেম্বৰৰ পৰা দেশ জুৰি ৭৫০০০ খন গাঁৱত চলা বস্তি চলো অভিযান অসমত আজিৰে পৰা আৰম্ভ হৈছে - গাঁওঁ সম্পৰ্ক ৰক্ষাৰ অভিযান নামেৰে ৷

অহা ২৬ নৱম্বৰত বৰপেটাত সামৰণি পৰিব এই অভিযান ৷ বুধবাৰে ধেমাজিত আৰম্ভ হোৱা - গাওঁ সম্পৰ্ক ৰক্ষাৰ অভিযানৰ আৰম্ভণী অনুষ্ঠানত অংশ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা ধেমাজি জিলাৰ প্ৰভাৰী ড° অমীয় কুমাৰ ভূঞাঁ, বিজেপিৰ ৰাজ্যিক উপ- সভাপতি জয়ন্ত কুমাৰ দাস, ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক উপ - সভাপতি নৱ দলে, সাধাৰণ সম্পাদক পুলক গোহাঁই, মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰ, ৰাজ্যিক কাৰ্য্যনিবাহক সদস্য গোবিন শইকীয়া, মৰ্চাৰ লক্ষ্য দাস, ধেমাজি জিলা বিজেপি সভাপতি প্ৰেম দত্ত, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, লখিমপুৰ জিলা পৰিষদৰ সভাপতি ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস ব্ৰাঘীকে ধৰি ৰাজ্যিক তথা ধেমাজি, লখিমপুৰ জিলাৰ বহুকেইজন নেতা তথা বিষয়-ববীয়া উপস্থিত থাকে ৷

bjp assam pradesh dhemaji assam