বিজেপিৰ নতুন কেন্দ্রীয় সংসদীয় ব’ৰ্ড গঠন, সৰ্বানন্দ সোনোৱালক অন্তৰ্ভুক্ত…

বিজেপিৰ নতুন কেন্দ্রীয় সংসদীয় ব’ৰ্ড গঠন, সৰ্বানন্দ সোনোৱালক অন্তৰ্ভুক্ত…

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: বিজেপিৰ নতুন কেন্দ্রীয় সংসদীয় ব'ৰ্ড গঠন। সংসদীয় ব'ৰ্ডত অন্তৰ্ভুক্ত ১১ জনকৈ শীৰ্ষ নেতা। জে পি নাড্ডা, নৰেন্দ্র মোডী, অমিত শ্বাহ আছে সংসদীয় ব'ৰ্ডত।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অন্তৰ্ভুক্ত কৰা হৈছে কেন্দ্রীয় সংসদীয় ব'ৰ্ডত। বি এছ য়াডুৰাপ্পা, কে লক্ষ্মণ, ইকবাল সিং লালপুৰাক অন্তৰ্ভুক্ত। সুধা যাদব, সত্য নাৰায়ণ জটিয়াকো অন্তৰ্ভুক্ত।

অন্যহাতে বি এল সন্তোষক সচিবৰ দায়িত্ব অৰ্পন কৰা হৈছে। নীতিন গাডকাৰিক আঁতৰোৱা হৈছে সংসদীয় ব'ৰ্ডৰ পৰা। শিৱৰাজ সিং চৌহানকো সংসদীয় ব'ৰ্ডৰ পৰা অব্যাহতি।

আৰু পঢ়ক: কিশোৰীক শ্লীলতাহানিৰ চেষ্টা, আটক এজন…

amit shah sarbananda sonowal narendra modi bjp